হাৰিয়ানা বিধানসভা নির্বাচনত ব্যাপক ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি লোকসভাৰ বিৰোধী দলপতি তথা কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্র ধ্বংসৰ ক্ষেত্ৰত প্রধানমন্ত্রী আৰু গৃহমন্ত্ৰীৰ স’তে নির্বাচন আয়োগ অংশীদাৰ হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ নেতাজনে কয় যে হাৰিয়ানাত কোনো নির্বাচন হোৱা নাছিল, হৈছিল চুৰি আৰু সেয়া কোনে কৰিছে সেই কথাও অতি স্পষ্ট।
বিগত বৰ্ষত অনুষ্ঠিত হাৰিয়ানা বিধানসভা নির্বাচনত দুই কোটি ভোটাৰৰ ভিতৰত ২৫ লাখ ভোট চুৰি হোৱা বুলি অভিযোগ কৰি ৰাহুলে কয়, ‘ইয়াৰ অৰ্থ হৈছে হাৰিয়ানাৰ প্ৰতি আঠজনৰ ভিতৰত এজন ভোটাৰ ভুৱা অৰ্থাৎ ১২.৫ শতাংশই ভুৱা।’ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি তেওঁ কয় যে নিৰ্বাচনৰ পাছত বহুসংখ্যক কংগ্রেছ প্রার্থীয়ে তেওঁলোকক কৈছিল যে কিবা এটা খেলিমেলি হৈছে। ৰাহুলে কয় যে সকলোবোৰ নির্বাচনোত্তৰ সমীক্ষাই পূর্বানুমান প্রকাশ কৰিছিল যে কংগ্রেছে হাৰিয়ানাত বিজয়ী হ’ব; কিন্তু ফলাফলত বিজেপি বিজয়ী সাব্যস্ত হ’ল। তেওঁ কয় যে সকলোবোৰ ‘এটি প’ল’ আৰু ‘অপিনিয়ন প’ল’-এ হাৰিয়ানাত কংগ্ৰেছে অভাৱনীয় বিজয় লাভ কৰিব বুলি কোৱাৰ পাছত এটা কেন্দ্রীভূত প্ৰক্ৰিয়াৰ দ্বাৰা ২৫ লাখ ভুৱা ভোটাৰ সৃষ্টি কৰাৰ ফলতে কংগ্ৰেছে নির্বাচনত পৰাজিত হ’ল। তেওঁ কয় যে কংগ্রেছক ক্ষমতালৈ অহাৰ বাট ৰুদ্ধ কৰিবলৈ ‘অভিযান চৰকাৰ চুৰি’ হাতত লোৱা হৈছিল।
ৰাহুলে সংবাদমেলত বিজেপি নেতা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনিৰ এটা ভিডিঅ’ প্ৰদৰ্শন কৰি তেওঁ অভিযোগ কৰে যে ছাইনিয়ে সংবাদ মাধ্যমক ফলাফল ঘোষণাৰ পূৰ্বে কৈছিল যে বুজাবুজি কৰা হৈছে আৰু বিজেপিয়ে নির্বাচনত বিজয়ী হ’ব। ৰাহুলে প্রশ্ন কৰে, ‘কি আছিল এই বুজাপৰা? কংগ্রেছে বৃহৎ বিজয় সাব্যস্ত কৰিব বুলি কোৱাৰ দুদিন পাছত ছাইনিয়ে এই কথা কৈছিল। তেওঁ অতি নিশ্চিত আছিল আৰু হাঁহি হাঁহি কৈছিল যে বিজেপিয়ে বুজাপৰা কৰিছে।’
ৰাহুলে কয় যে হাৰিয়ানাত এতিয়া প্ৰথমবাৰৰ বাবে পোষ্টেল বেলটত ভোটৰ ফলাফল আৰু প’লিং ভোটকেন্দ্ৰৰ ফলাফল সম্পূর্ণ বিপৰীত আছিল। তেওঁ কয়, ‘মই ভাৰতীয় গণতান্ত্রিক প্রক্রিয়া আৰু নির্বাচন আয়োগক প্রশ্ন কৰিছো আৰু মই এশ শতাংশ প্রমাণ সহকাৰে এই প্রশ্ন কৰিছো। আমি নিশ্চিত যে কংগ্ৰেছৰ বৃহৎ বিজয়ক ক্ষতিলৈ ৰূপান্তৰিত কৰিবলৈ পৰিকল্পনা ৰচা হৈছিল।’ তেওঁ কয় যে আঠটা সমষ্টিত অতি সামান্য ভোটত কংগ্রেছ প্রার্থী পৰাজিত হৈছে। ইয়াৰে এটাত মাত্র ৩২টা ভোটত পৰাজিত হৈছে। এই ক্ষেত্রত সৰ্বমুঠ ব্যৱধান আছিল ২২,৭৭৯টা ভোট।
তেওঁ কয়, ‘কংগ্রেছে হাৰিয়ান নির্বাচনত মাত্র ২২,৭৯৯টা ভোটত পৰাজিত হৈছে। ইমান কম ভোটত হা সেই কথা অনুধাৱন কৰিবলৈ মই উল্লেখ কৰিলো।’ আন এক উদাহৰণ দাঙি তেওঁ হাৰিয়ানাৰ ভোটাৰ তালিকাত ২২ বাৰ উল্লেখ থকা এগৰাকী মহিলাৰ ফটোও প্ৰদৰ্শন কৰে। তেওঁ কয় যে এই ফটো হৈছে ব্রাজিলৰ এগৰাকী মডেলৰ। তেওঁ প্রশ্ন কৰে, ‘এই মহিলাগৰাকী কোন? তেওঁৰ নাম কি? তেওঁ ক’ৰ পৰা আহিছে। হাৰিয়ানাৰ ১০টা ভোট কেন্দ্ৰত তেওঁ ২২বাৰ ভোট দিছে আৰু সীমা, ছুইটি, সৰস্বতী, ৰশ্মি আদি নামেৰে ভোট দিছে। দৰাচলতে তেওঁ এগৰাকী ব্রাজিলৰ মডেল।’
তেওঁ কয় যে এটা ৱেবছাইটৰ পৰা ফটোখন বিনামূলীয়াকৈ ডাউনলোড কৰা হৈছে। তেওঁ কয় যে ব্রাজিলৰ মহিলাগৰাকীৰ ফটোখন ভোটাৰ তালিকাত ২২ বাৰ ভিন ভিন নাম যেনে ছুইটি, সীমা, সৰস্বতী আদিৰ নামৰ স’তে প্রকাশ পাইছে। ৰাহুলে কয়, ‘তেওঁ হাৰিয়ানাৰ ১০টা ভিন ভিন ভোটকেন্দ্রত ভোটদান কৰিছে। তেওঁৰ আছে ভিন ভিন নাম। ইয়াৰ অৰ্থ হৈছে যে ই এক কেন্দ্রীভূত অভিযান।’
এনে জালিয়াতিৰ আন এক উদাহৰণ দাঙি ধৰি ৰাহুলে আঙুলিয়াই দিয়ে যে এগৰাকী মহিলাৰ ফটোৰে এশখন ভোটাৰ পৰিচয়পত্র থকা ঘটনা একেটা বিধানসভা সমষ্টিতে ঘটিছে। ৰাহুলে কয়, ‘মহিলাগৰাকীয়ে ইচ্ছা কৰা হ’লে হাৰিয়ানাত এশবাৰ ভোট দিব পাৰে। যিকোনো লোকে যাতে তাৰে ব্যৱস্থা কৰা হৈছে যাতে আন ৰাজ্যৰ পৰা আহি বিজেপিৰ লোকসকলেও ভোট দিব পাৰে।’ ৰাহুলে আন এগৰাকী মহিলাৰ ফটোও প্ৰদৰ্শন কৰে, যিখন দুটা ভোটদান কেন্দ্ৰত ভোটাৰ তালিকাত ২২৩বাৰ উল্লেখ আছে।
ৰাহুলে অভিযোগ কৰে, ‘এনেবোৰ কাৰণতে ভোটকেন্দ্ৰৰ চিচি টিভি ফুটেজ ধ্বংস কৰিছে নির্বাচন আয়োগে।’ তেওঁ প্ৰশ্ন কৰে, ‘নির্বাচন আয়োগে এটা ছেকেণ্ডৰ ভিতৰতে নকল নামবোৰ আঁতৰাব পাৰে, তেওঁলোকে কিয় কৰা নাই? কাৰণটো হৈছে তেওঁলোকে বিজেপিক সহায় কৰি আছে।’ ৰাহুলে ৰাজ্যৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট বিভিন্ন নামেৰে এখন ফটোৱেই ব্যৱহাৰ কৰি ভোটাৰ পৰিচয় পত্ৰৰ বহু উদাহৰণ দাঙি ধৰে।
তেওঁ কয়, ‘আমাৰ এইছ নামৰ শব্দৰ বহু ফাইল আছে আৰু ইয়াত আছে কিদৰে সমগ্ৰ ৰাজ্যতে ভোেট চুৰি হৈছে। আমি সন্দেহ কৰো যে এয়া কেৱল দুই-এটা সমষ্টিতে নহয়, সমগ্ৰ ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো হৈছে। আমাৰ প্ৰাৰ্থীসকলৰ পৰা আমি বহু অভিযোগ লাভ কৰিছো যে কিবা এটা খেলিমেলি হৈছে। তেওঁলোকৰ সকলো পূর্বানুমান সম্পূর্ণ ওলট-পালট হৈছে। আমি এই অভিজ্ঞতা মধ্যপ্রদেশ, চত্তিছগড় আৰু মহাৰাষ্ট্ৰতো লাভ কৰিছো; কিন্তু আমি হাৰিয়ানাৰ ভিতৰলৈ প্ৰৱেশ কৰি আৰু তাত কি হৈছে সেয়া পুংখানুপুংখ পৰীক্ষা কৰিবলৈ সিদ্ধান্ত লওঁ।’
দেশৰ যুৱপ্ৰজন্মক আহ্বান জনাই ৰাহুলে কয়, ‘মই তৰুণ প্ৰজন্মক ভাৰতৰ জেন-জেডে স্পষ্টভাৱে বুজি পোৱাটো বিচাৰো; কিয়নো সেয়া তেওঁলোকৰ ভৱিষ্যতৰ স’তে জড়িত থকা বিষয়। মই নির্বাচন আয়োগক প্রশ্ন কৰিছো, ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক প্রশ্ন কৰিছো আৰু এশ শতাংশ প্রমাণ সহকাৰে কৰিছো।’ উল্লেখ্য যে যোৱা এক ছেপ্টেম্বৰত ৰাহুলে সকীয়নি দিছিল যে তেওঁ অতি সোনকালেই হাইড্ৰ’জেন বোমা এৰিব আৰু আজিৰ সংবাদমেলখন আছিল এই হাইড্র’জেন বোমা।
নির্বাচন আয়োগক তীব্ৰ আক্ৰমণ কৰি ৰাহুলে কয় যে মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ভাৰতৰ গণতন্ত্র ধ্বংসকাৰীসকলক সুৰক্ষা দিছে। অৱশ্যে আয়োগে ৰাহুলৰ অভিযোগ ভিত্তিহীন বুলি কয়।






























