Eviction:
ৰাজ্যৰ ভিন্ন ঠাইত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থকা উচ্ছেদৰ মাজতে এইবাৰ গুৱাহাটীত উচ্ছেদৰ পদক্ষেপ লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ গীতানগৰ হৰিপুৰৰ মঠঘৰীয়াস্থিত আজান পীৰ মোক্তাব আৰু মছজিদত আজি দুই বজাত চলিব উচ্ছেদ ৷ ইতিমধ্যে বুধবাৰে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল দিছপুৰ ৰাজহ চক্ৰ বিষয়াই ৷
সেই অনুসৰি আজি দিনৰ ২ বজাৰ ভিতৰত আজানপীৰ মোক্তাব আৰু মছজিদ খালী কৰাৰ নিৰ্দেশৰ সময়সীমা বান্ধি দিয়া হৈছিল ৷ আনহাতে উচ্ছেদৰ জাননী লাভৰ পিছতে ইছলাম ধৰ্মালম্বী স্থানেয় লোকৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য যে ১৯৮৪ চনত গীতানগৰ হৰিপুৰৰ মঠঘৰীয়া অঞ্চলৰ ইছলাম ধৰ্মী লোকসকলে স্থাপন কৰিছিল আজান পীৰ মোক্তাব আৰু মছজিদটি।
ইপিনে,মঠঘৰীয়া অঞ্চলৰ ইছলামধৰ্মী লোকসকলে মছজিদটি উচ্ছেদ নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে ৷




































