Guwahati:
মহানগৰীৰ গীতামন্দিৰ হৰিপুৰস্থিত আজান-পীৰ মোক্তাৱ আৰু মছজিদৰ উচ্ছেদৰ জাননীক লৈ ইছলাম ধৰ্মীলোক সকলৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ মাজতে আজি বিয়লি প্ৰশাসনৰ বুলড’জাৰে ভাঙি পেলাই মছজিদটো ৷
কালি বিয়লি ৪ বজাত দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ে আজি দিনৰ দুই বজাৰ ভিতৰত মছজিদ আৰু মোক্তা খালি কৰাৰ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পিছতেই অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছিল৷আনকি মছজিদটো উচ্ছেদ নকৰিবলৈ অঞ্চলটোৰ ৰাইজে মুখ্য মন্ত্ৰীৰ ওচৰত দাবী জনাইছিল ৷
উল্লেখ্য যে, ১৯৮৪ চনত আজানপীৰ মছজিদ আৰু মোক্তাৱ হৰিপুৰৰ মঠঘৰীয়াত স্থাপন কৰা হৈছিল।আনহাতে , আজি উচ্ছেদৰ নিৰ্ধাৰিত সময়সীমা দুই বজা অতিক্ৰম কৰাৰ পূবৰে পৰা আজানপীৰ মছজিদ আৰু মুক্তাৱক উচ্ছেদ কৰিবলৈ সাজু হয় আৰক্ষী প্ৰশাসন।
উল্লেখ্য যে মছজিদ উচ্ছেদ বন্ধ কৰিবলৈ পৰিচালনা সমিতিয়ে জিলা আয়ুক্ত আৰু দিছ্পুৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে ৷ একেদৰে মছজিদ আৰু মোক্তাব উচ্ছেদক লৈ বিৰোধিতা কৰি স্থানীয় ৰাইজৰে এক আলোচনাত মিলিতও হয় দিছপুৰ ৰাজহ চক্ৰ বিষয়া ৷ আনহাতে মছজিদ উচ্ছেদৰ পৰা ৰক্ষা কৰিবলৈ ওলাই আহিল স্থানীয় হিন্দু লোক।
কিন্ত কাৰোৰে কাতৰ অনুৰোধকো গ্ৰাহ্য নকৰি মুহূৰ্তৰ ভিতৰতে ৪১ বছৰীয়া পুৰণি আজানপীৰ মছজিদটি প্ৰশাসনৰ বুলড’জাৰে ভাঙি পেলাই।




































