Eviction :
উচ্ছেদক লৈ পুনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ হোৱাৰ ইংগিত দি মুখ্যমন্ত্ৰীয়ে কয়,ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ এখোজো পিছ হুহকি নাহে হিমন্ত বিশ্ব শৰ্মা ৷ অচিৰেই গোৱালপাৰাৰ দহিকটা বনাঞ্চলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে গোৱালপাৰাৰ দহিকটা বনাঞ্চলেই নহয় ৰাজ্যৰ অন্য স্থানৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধেও অনুৰূপ ধৰণে উচ্ছেদ অব্যাহত থাকিব ৷ এই ক্ষেত্ৰত চৰকাৰে কঠোৰ ৷ বেদখলকাৰীৰ কোনো হুমকিত ভয় নাখায় চৰকাৰ ৷
উল্লেখ্য যে গোৱালপাৰাৰ দহিকটা বনাঞ্চলৰ ১১৪৩ বিঘা ভূমিত ৯ আৰু ১০ নবেম্বৰত চলিব উচ্ছেদ ৷ কিন্ত উচ্ছেদৰ পূৰ্বে শ শ বেদখলকাৰীয়ে নিজ নিজ ঘৰ ভাঙি সকলো সা- সামগ্ৰী খালী কৰি আঁতৰি গৈছে ৷




































