Nalabari Sri Sri Hari Mandir :
‘মায়াবিনী ৰাতিৰ বুকুত’, ‘মনৰ নিজানত জোনাক আছিলে’, ‘মন যায়’, ‘গানে কি আনে’, ‘আহে বা নাহে ঘুমুতি’ আদি জুবিন গাৰ্গৰ ২০ টা কালজয়ী গীত বৃহস্পতিবাৰে নলবাৰীত এক আবেগ বিহ্বল পৰিৱেশত একেলগে গাই ১০ সহস্রাধিক যুৱক-যুৱতীয়ে জনতাৰ আদৰৰ শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনায়। গীত গাই থকা অৱস্থাত চকুলো ঢুকি, কান্দোনতো ভাগি পৰে অনেক। নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে প্ৰাণৰ শিল্পী জুবিনলৈ এক ব্যতিক্রমী শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গর্ডন স্কুল খেলপথাৰত আয়োজিত এই অনুষ্ঠানত ১০ সহস্রাধিক যুৱক-যুৱতীয়ে আবেগ বিহ্বল পৰিৱেশৰ সৃষ্টি কৰে। তেওঁলোকে একেলগে এফালৰ পৰা পৰিবেশন কৰে জুবিনৰ কালজয়ী সৃষ্টি ‘মায়াবিনী ‘ৰাতিৰ বুকুত’কে ধৰি শিল্পীগৰাকীৰ ২০ টিকৈ গীত।
গীত গাই থাকোতে বহুতে আবেগ ধৰি ৰাখিব নোৱাৰি চকুলো টোকাৰ উপৰি অনেকে কান্দোনত ভাগি পৰে। উল্লেখ্য যে এইবাৰ নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৯২ সংখ্যক ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি বিয়লিৰ পৰাই জুবিন অনুৰাগীয়ে শুভ্র সাজ পৰিধান কৰি উপস্থিত হয় চৰকাৰী গৰ্ডন স্কুল খেলপথাৰত। ১০ সহস্রাধিক অনুৰাগীৰ মাজত বিতৰণ কৰা শিল্পীগৰাকীৰ প্ৰিয় নাহৰ গছৰ পুলি হাতে হাতে লৈ সমস্বৰে যুগজয়ী ২০ টা গীতৰ কলি গাই পৰিৱেশ গম্ভীৰ কৰি তোলে।
উল্লেখ্য যে বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ তত্ত্বাৱধানত ভালেসংখ্যক শিল্পীৰ সহযোগত ১০ সহস্রাধিক অনুৰাগীয়ে পৰিবেশন কৰি শিল্পীগৰাকীক সশ্রদ্ধ প্রণাম জনায়। প্ৰাণৰ শিল্পীগৰাকীৰ ‘মনৰ নিজানত’, ‘আহে বা নাহে ঘুমুতি’, ‘সোণৰে সজোৱা পঁজা’, ‘প্রীতিৰ সুবাসে’, ‘তোমাতে আদি, তোমাতে অনাদি’, ‘এৰা এবি… ক্ষণিকৰে’, ‘প্রতিদিনে তুমি’, ‘মনলে উভতি আহে” আদিকে ধৰি শিল্পীগৰাকীৰ ২০টা কালজয়ী গীতৰ কলি সমস্বৰে গাই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। হৰি মন্দিৰ সমিতিৰ বিষয়ববীয়া পংকজ বৰ্মনে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাস মহোৎসৱ সমিতিৰ সভাপতি তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই উপস্থিত সকলোকে আদৰণি জনায়।
শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকি বিটিআৰৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে কয়, ‘জুবিন গাৰ্গ মোৰ খুব ভাল বন্ধু আছিল। নির্বাচনী প্রচাৰত থাকোতে দুখ লগা খবৰটো পাইছিলো। মই বৰ আঘাত পাইছিলো।’ তেওঁ কয় যে কোকৰাঝাৰত প্ৰাণৰ শিল্পী তথা বন্ধু গৰাকীৰ এটা বৃহৎ প্রতিমূর্তি নিৰ্মাণ কৰিব। ৰাইজে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰিছে আৰু চৰকাৰে ন্যায় দিয়াৰ চেষ্টা চলাই আছে।
আনহাতে, নৱেম্বৰৰ ভিতৰত কোকৰাঝাৰত জুবিন গাৰ্গৰ এটা বৃহৎ প্রতিমূর্তি স্থাপন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আধাৰশিলা স্থাপন অনুষ্ঠানত ইয়াতকৈ বহুগুণ ৰাইজ উপস্থিত থাকিব। ইয়াৰ বাবে ইতিমধ্যে যাৱতীয় কাম-কাজ আৰম্ভ কৰা হৈছে।
উল্লেখ্য যে বৃহস্পতিবাৰৰ অনুষ্ঠানত হৰি মন্দিৰ সমিতি আৰু ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে মন্ত্ৰী চৰণ বড়ো, মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰ অপূর্ব অধিকাৰী উপস্থিত থকা শ্রদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ এসময়ৰ সহপাঠী জোনমণি গগৈ দাসে মনৰ অনুভৱ ব্যক্ত কৰি আবেগিক হৈ পৰে ৷




































