Opposition parties meet:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত কংগ্ৰেছ সহ আন আন বিৰোধী দল সমূহে ককালত বান্ধিছে টঙালি ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠিছে বুলি বিৰোধী দল সমূহে নিৰ্বাচনত একত্ৰিত ৰূপত অৱতীৰ্ণ হোৱাৰ যোজা চলাইছে ৷
ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে অহা ১২নৱেম্বৰত গুৱাহাটীত কংগ্ৰেছে বিৰোধী দল সমূহৰ এক যৌথ সভাৰ আয়োজন কৰিছে ৷ অসম বিধানসভাৰ জে এন হলত ৪ বজাত হব লগা বৈঠকলৈ ৰাইজৰ দল,অসম জাতীয় পৰিষদ ,বাওঁপন্থী দল সহ আন আন বিৰোধী দলসমূহকে আমন্ত্ৰণ জনোৱা হৈছে ৷
উল্লেখ্য যে গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিৰোধী দলসমূহৰ লগত মিত্ৰতাৰ বৈঠক ৷ এই বৈঠকতে হয়তো দল সমূহে আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত ভাৱে অৱতীৰ্ণ হোৱাৰ ৰূপ ৰেখা প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।




































