আৰু বেছি দূৰত নাই ‘মহাকাশৰ আগন্তুক’

মঙলৰ কাষত দেখা গ'ল ৰহস্যময় '৩১/এটলাছ'ক

IMG 20251109 145839

মহাকাশৰ এই ‘আগন্তুক’ক কেন্দ্ৰ কৰি কৌতূহল ক্রমাৎ বৃদ্ধি পাইছে। এইবাৰ দেখা গ’ল সেই ৰহস্যময় আগন্তুকৰ ‘ক্লোজআপ’ ফটো। যোৱা অক্টোবৰত মঙল গ্ৰহৰ কাষত থকাৰ সময়ত সেই আগন্তুকৰ ফটো সংগ্ৰহ কৰিছিল টিয়ানবেন-১ নামৰ চীনা মঙলযানে।

যোৱা পহিলা জুলাইত প্রথমবাৰলৈ ৩১/এটলাছৰ সন্ধান পোৱা যায়। তেতিয়াই বিজ্ঞানীসকলে জনাইছিল যে ই আচলতে ইণ্টাৰষ্টেলাৰ বস্তু। অর্থাৎ ইয়াৰ উৎস সৌৰজগতৰ বাহিৰৰ ক’ৰবাত। যি আমাৰ সৌৰজগতত প্ৰৱেশ কৰাৰ পাছৰে পৰা দ্রুতগতিত ধাৱমান হৈ আছে। সেই প্রথমৰ পৰাই এই বস্তুটোৰ স্বৰূপ কি, তাক লৈ তর্ক-বিতর্ক অব্যাহত আছে।

হার্ভার্ডৰ বিজ্ঞানী এভি লোবেৰ দৰে একাংশ বিজ্ঞানীয়ে অনুমান কৰিছে যে এয়া আচলতে ভিনগ্রহীসকলৰ যান। এইবাৰ সেই বস্তুটোক একেবাৰে কাষৰ পৰা দেখা পালে চীনা মণ্ডলযানে।

সাম্প্রতিক ফটোত কেনেকুৱা দেখাইছে ৩১/এটলাছক? ফটোবোৰত এক কঠিন বৰফৰ নিউক্লিয়াছক ঘেৰি এখন উজ্জ্বল কাঁহী দেখা গৈছে, যি কে’বাশ মিটাৰৰ পৰা এক কিলোমিটাৰ পর্যন্ত হ’ব পাৰে। ধূমকেতুটোৰ সক্রিয় গেছ নির্গমনে ইয়াক সৌৰজগতত উদ্ভুত সাধাৰণ ধুমকেতুৰ পৰা পৃথক কৰিছে।

স্বাভাবিকভাবেই উত্তেজিত হৈ পৰিছে বিজ্ঞানীসকল। তেওঁলোকে সূক্ষ্মভাৱে বিশ্লেষণ কৰি বুজাৰ চেষ্টা কৰিছে মহাজাগতিক বস্তুটোৰ চৰিত্ৰ। তেওঁলোকে আশা কৰিছে যে আগন্তুক দিনত আৰু নানা তথ্য পোৱা যাব।

ইপিনে, নাছাই আৰম্ভণিৰে পৰাই ৩১/এটলাছ সম্পর্কে পৰিষ্কাৰভাৱে জনাই আহিছে যে ই কোনোপধ্যেই পৃথিৱীৰ বাবে কোনো ‘বিপদ’ নহয়। এইটো ধুমকেতুৱেই, কোনো ভিনগ্রহীৰ যান একেবাৰেই নহয় বুলি স্পষ্ট কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে।

একাংশ জ্যোতির্বিজ্ঞানীও নাছাৰ স’তে একমত। সকলো মিলাই এই ‘আগন্তুক’ক কেন্দ্র কৰি বিতৰ্ক এতিয়া তুংগত আছে। দুই ধৰণৰ মতক লৈয়ে আলোচনা হৈছে। আচলতে কোনো নতুন মহাজাগতিক বস্তু দেখা পোৱা গ’লে ইমানেই সীমিত তথ্য হাতলৈ আহে যে তাক লৈ কোনো নিশ্চিত সিদ্ধান্তলৈ অহাটো কঠিন।সেয়ে আৰু কিছু সময়লৈ অপেক্ষা কৰিব বিচাৰিছে বিজ্ঞানীসকলে।

Exit mobile version