দুদিনীয়া ভ্রমণসূচীৰে আজি লণ্ডনলৈ ৰাওনা হয় মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা ৷বৃন্দাবনী বস্ত্র অসমলৈ অনা সন্দৰ্ভত দেওবাৰ ‘ব্ৰিটিছ চৰকাৰৰে মুখ্যমন্ত্ৰীৰ হ’ব আলোচনা ৷ আলোচনাৰ অন্তত লণ্ডন মিউজিয়ামৰ সৈতে স্বাক্ষৰিত হ’ব বিশেষ বুজাবুজি চুক্তি ।
উল্লেখ্য যে ২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্র ৷বৃন্দাবনী বস্ত্র ৰাখিবৰ বাবে খানাপাৰাত স্থাপন কৰা হ’ব বিশেষ সংগ্ৰহালয় ৷ লণ্ডন মিউজিয়ামৰ সৈতে বুজাবুজি চুক্তি অনুসৰি দুবছৰ সময়সীমা ভিতৰত এই মিউজিয়াম নির্মাণ কৰিব জিন্দাল গ্রুপে। এই কথা লণ্ডনলৈ উৰা মৰাৰ পূৰ্বে নিশা সামাজিক মাধ্যম যোগে সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে I