Sri nagar blast :
দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ আন এক বোমা বিস্ফোৰণত তচনচ হ’ল জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ পাশ্বৱৰ্তী নৌগাম আৰক্ষী থানা ৷
শুকুৰবাৰে গভীৰ নিশা নৌগাম থানাত সংঘটিত শক্তিশালী বিস্ফোৰণত ৯ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ২৯ জন লোক আহত হয়, ইয়াৰে অধিকাংশই আৰক্ষী কৰ্মী আৰু ফৰেনছিক বিশেষজ্ঞ। দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মডিউলৰ বাসগৃহৰ পৰা জব্দ কৰা বিস্ফোৰক নিষ্কাশন আৰু পৰীক্ষাৰ সময়ত নিশা প্ৰায় ১১:২০ বজাত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত নিহত ব্যক্তিৰ মৃতদেহ ৩০০ ফুট পর্যন্ত দূৰলৈ ছিটিকি পৰে
খবৰ অনুসৰি এফ এছ এলৰ দলটোৱে বিশেষজ্ঞৰ সহায়ত এমোনিয়াম নাইট্ৰেট আৰু অন্যান্য ৰাসায়নিক পদাৰ্থৰ বাকী থকা পেকেটবোৰ নিৰাপদ নিষ্কাশনৰ বাবে ৰিএজেণ্টৰ সৈতে পেক কৰি আছিল তেতিয়াই এই মাৰাত্মক বিস্ফোৰণটো সংঘটিত হয়।
এই শোকাৱহ দুৰ্ঘটনাটোত জে-কেৰ এছ আই এৰ দলৰ এজন পৰিদৰ্শক, এফ এছ এলৰ তিনিজন দলৰ সদস্য, ক্ৰাইম ব্ৰাঞ্চৰ জে-কে আৰক্ষীৰ দুজন জোৱান (ফটোগ্ৰাফাৰ), ৰাজহ বিভাগৰ দুজন বিষয়া আৰু এজন অসামৰিক দৰ্জীকে ধৰি ৯জন ব্যক্তিৰ প্ৰাণহানি হয়।
উল্লেখ্য যে দিল্লীৰ বিস্ফোৰণৰ স’তে লিংক থকা সন্ত্ৰাসবাদী চিকিৎসক মুজাম্মিল গনাইক হাৰিয়ানাৰ ফৰিদাবাদৰ ভাড়াঘৰৰ পৰা ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা হৈছিল এই বিস্ফোৰকসমূহ। মূলতঃ এমোনিয়াম নাইট্ৰেট ভিত্তিক মিশ্ৰণ বিস্ফোৰণ খিনি ।
সন্ত্ৰাসবাদী চিকিৎসক মুজাম্মিল গনাই পৰা জব্দ কৰা ৩৬০ কেজি বিস্ফোৰক পদাৰ্থৰ ভিতৰত এটা অংশ দিল্লী বিস্ফোৰণৰ গোচৰৰ অংশ হিচাপে নৌগাম থানাত মজুত কৰা হৈছিল ।
আনহাতে ভয়ংকৰ বিস্ফোৰণৰ পিছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় শ্ৰীনগৰত। আহত সকলক শ্ৰীনগৰৰ একাধিক চিকিৎসালয়লৈ লৈ ততাতৈয়াকৈ লৈ যোৱা হয় । শনিবাৰে পুৱাই উদ্ধাৰ হোৱা মৃতদেহকৰ অৱশিষ্ট অংশ চিনাক্ত কৰণৰ বাবে শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ স্থানান্তৰ কৰা হৈছে।
বিস্ফোৰণৰ ফলত নৌগাম আৰক্ষী থানাৰ ভৱনটোৰ যথেষ্ট ক্ষতিসাধন হয়, চৌহদত ৰখাই থোৱা বাহনসমূহ ধ্বংস হয় । নিশা সংঘটিত এই ভয়ংকৰ বিস্ফোৰণৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, এম্বুলেন্স, আৰু নিৰাপত্তা বাহিনী—সেনা আৰু চি আৰ পি এফ ভেলী কিউ এ টিকে ধৰিকে ধৰি বহু সংখ্যক নিৰাপত্তা বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় । ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে শ্ৰীনগৰত ৷
আনহাতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই আজি পুৱাতে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন আহত সকলৰ স্বাহ্যৰ বুজ লয় ৷




































