বছৰি সাত ছেন্টিমিটাৰকৈ উত্তৰ দিশে ধাৱমান হৈছে অস্ট্রেলিয়া

IMG 20251120 140625

চাৰিওফালে নীল সমুদ্র। তাৰ মাজতে অবস্থিত এক বিশাল দ্বীপ। দেখাত এই দ্বীপৰ ভূখণ্ড স্থিৰ যেন লাগিলেও দৰাচলতে এই ভূখণ্ডই উত্তৰ দিশে গতি লৈছে। এই ভূখণ্ড হৈছে অস্ট্রেলিয়া মহাদেশ। বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি, বছৰি সাত ছেন্টিমিটাৰকৈ অস্ট্রেলিয়া মহাদেশ উত্তৰ দিশে ধাৱমান হৈছে। এনে অৱস্থা অব্যাহত থাকিলে এদিন মহাদেশখন বিশাল এছিয়া মহাদেশৰ ভূখণ্ডৰ স’তে খুন্দা খোৱাৰ আশংকা আছে।

বিগত কিছু বছৰৰ পৰা অষ্ট্ৰেলিয়াৰ ভূখণ্ডৰ ক্ষেত্ৰত এনে অভাবনীয় ঘটনা সংঘটিত হৈছে বুলি বিজ্ঞানীসকলে প্রকাশ কৰিছে। বিজ্ঞানীসকলৰ মতে বছৰত মানুহৰ আঙুলিৰ নখ যি হাৰত বৃদ্ধি পায়, সেই হাৰত অস্ট্রেলিয়াৰ ভূখণ্ড উত্তৰ দিশে ধাৱমান হৈছে। উল্লেখ্য যে মানুহৰ নখৰ আঙুলি বছৰি সাত ছেন্টিমিটাৰ বা ২.৮ ইঞ্চিকৈ বৃদ্ধি পায়।

সম্প্রতি বিজ্ঞানীসকলে ধাৰণা কৰা অনুসৰি লক্ষ বছৰৰ পাছত অস্ট্রেলিয়া মহাদেশে এছিয়াক খুন্দা মৰাৰ সম্ভাৱনা আছে। ইয়াৰ আগৰে পৰা মহাদেশখনৰ জলবায়ু, ভূখণ্ডৰ গঠন, জৈব্য বৈচিত্র্য আদিৰ ওপৰত প্ৰভাৱ বিদ্যমান হ’ব পাৰে এনে পৰিস্থিতিৰ সৃষ্টি হ’লে অর্থনীতি, ভূৰাজনীতি আৰু আন্তঃগাঁথনিৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত।

অষ্ট্ৰেলিয়াৰ এই চলনক লৈ গৱেষণা কৰিছে মহাদেশখনৰ কার্টিন বিশ্ববিদ্যালয়ৰ গবেষক ঝেং জিয়াং লিয়ে। বিষয়টো সম্পর্কত লিয়ে কয়, ‘আমি বিচাৰো বা নিবিচাৰো সেয়া নহয়। এছিয়াৰে সংঘৰ্ষত লিপ্ত হ’বলৈ অষ্ট্ৰেলিয়াৰ ভূখণ্ড অগ্ৰসৰ হৈছে।’ গৱেষকজনৰ মতে, এটা সময়ত অষ্ট্ৰেলিয়াৰ উত্তৰ প্ৰান্তৰ ভূখণ্ডই এছিয়াৰ ভূখণ্ডক খুন্দা মাৰিব।

অৱশ্যে এই ধৰণৰ ঘটনা নতুন নহয় বুলিও গৱেষকজনে মন্তব্য কৰিছে। পৃথিৱীৰ ইতিহাসত এনে ঘটনা অনেকবাৰ সংঘটিত হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এনে সংঘাতৰ ফলত কেতবোৰ ভূখণ্ড বিচ্ছিন্ন হৈ গৈছে। বহু লক্ষ কোটি বছৰ পূৰ্বে পৃথিৱীৰ দুটা ভূখণ্ডত পৰিণত হয়।

লিৰ মতে, অষ্ট্ৰেলিয়াৰ উত্তৰ প্ৰান্তৰ ভূখণ্ড প্রায় আঠ কোটি বছৰ পূৰ্বে এন্টার্কটিকা মহাদেশৰ পৰা বিচ্ছিন্ন হয়। বিজ্ঞানীসকলৰ মতে, এছিয়াৰ স’তে এদিন অষ্ট্ৰেলিয়াৰ সংঘর্ষ হ’বই। ইয়াৰ প্ৰভাৱ দুয়োখন মহাদেশৰ ওপৰত পৰিব বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। উল্লেখ্য যে অস্ট্রেলিয়াত এনে কিছুসংখ্যক প্রাণী আছে যিবোৰ প্রাণী পৃথিৱীৰ আন কোনো মহাদেশত নাই। এনে প্রাণীৰ উদাহৰণ হ’ল কেংগেৰু, ওমবেটছ,প্লেটিপাছ আদি।

অস্ট্রেলিয়াৰ ভৌগোলিক অৱস্থানৰ বাবে এই প্রাণীসমূহ অভিযোজিত হৈ মহাদেশখনত বর্তি ৰৈছে। সম্প্রতি মহাদেশখনে যি চলমান ৰূপ লৈছে তাৰ ফলত এই প্রাণীসমূহৰ অৱস্থা কি হ’ব তাক লৈ জীব বিজ্ঞানীসকল সন্দিহান হৈছে। কাৰণ আন স্থানত এই প্রাণীসমূহে নিজকে অভিযোজন ঘটাবলৈ সক্ষম হ’ব নে নহয় সেয়া অনিশ্চিত হৈ আছে।

অৱশ্যে বিজ্ঞানীসকলৰ মতে, অষ্ট্ৰেলিয়াৰ ভূখণ্ডৰ এই পৰিৱৰ্তনৰ ফলত কেৱল ইতৰ প্ৰাণীসমূহৰ ওপৰতে যে প্ৰভাৱ পৰিব তেনে নহয়, ইয়াৰ প্ৰভাৱ মানুহৰ ওপৰতো পৰিব।

Exit mobile version