Silk saree :তিনিটা ধৰণেৰে প্ৰকৃত ৰেচম সহজে চিনাক্ত কৰিব পাৰি

resam

Silk Saree :

ৰেচমৰ শাড়ীক সদায় শাড়ী প্রেমীসকলে অতিশয় মূল্য দি আহিছে। বিয়াৰ পৰা আৰম্ভ কৰি পূজা উৎসবলৈকে বা দৈনন্দিন ব্যৱহাৰৰ বাবে ৰেচম শাড়ী বহুতৰে পছন্দৰ তালিকাৰ শীৰ্ষত থাকে। কোমল, উজ্জ্বল, ৰেচমৰ শাড়ীয়ে আনকি লাইট আউটফিটকো ক্লাছি লুক দিব পাৰে। ৰেচম কেৱল এক প্ৰকাৰৰ কাপোৰ নহয়, পৰম্পৰাৰ এক অংশও। কিন্তু আজিৰ বজাৰত ৰেচমৰ নামত প্রবঞ্চনাও চলি আছে। বহু ব্যৱসায়ীয়ে নকল বা কৃত্রিম ৰেচমক বাস্তব বুলি বিক্ৰী কৰি আছে, যিটো দেখাত প্রায় একে যদিও গুণগত মানৰ মাজত বৃহৎ পার্থক্য আছে। কিন্তু কিনাৰ আগতে অলপ সচেতন হ’লে প্ৰৱঞ্চনাৰ পৰা হাত সাৰিব পাৰি। বাস্তৱ আৰু ভুৱাৰ পাৰ্থক্য অলপ পর্যবেক্ষণ কৰিলেই চিনাক্ত কৰিব পাৰি। তিনিটা সহজ উপায়েৰে প্ৰকৃত ৰেচম কেনেকৈ চিনাক্ত কৰিব পাৰি জানি লওক-

(১) স্পর্শ পৰীক্ষা: প্রকৃত ৰেচম স্পৰ্শ কৰিলে কোমল হোৱাৰ বাবে ছালখনক সামান্য উষ্ণতা প্রদান কৰে। গতিকে প্রকৃত ৰেচম কেতিয়াও ঠাণ্ডা অনুভৱ নকৰে। ইয়াৰ বিপৰীতে যদি আপুনি নকল ৰেচম, পলিয়েষ্টাৰ বা ৰেয়ন ধৰি ৰাখে তেন্তে ঠাণ্ডা, কক্ষ আৰু প্লাষ্টিকৰ দৰে অনুভৱ কৰিব পাৰে।

(২) বার্ণ টেষ্ট: এইটো অলপ বিস্কি কিন্তু আটাইতকৈ সঠিক টেষ্ট। কাপোৰৰ এটা কোণৰ পৰা সৰু সূতা এটা কাটি জুইৰ ওচৰত ধৰি ৰাখক। যদি কাপোৰখন প্রকৃত ৰেচম হয়, তেন্তে লাহে লাহে জ্বলিব আৰু জুই নুমুৱালে নিজে নিজে নুমাই যাব। জ্বলন্ত গোন্ধটো মানুহৰ চুলি বা পাখি জ্বলোৱাৰ দৰে হ’ব আৰু ছাই কোমল আৰু ভংগুৰ হ’ব। ইয়াৰ বিপৰীতে নকল ৰেচম সোনকালে জুলি উঠিব, জুলি থকা প্লাষ্টিকৰ দৰে গোন্ধ ওলাব আৰু শেষত এটা কঠিন গোটৰ সৃষ্টি হ’ব।

(৩) শ্বাইট টেষ্টঃ কাপোৰখন পোহৰত ঘূৰাই দিব লাগে। প্রকৃত ৰেচমত যেতিয়া পোহৰৰ কোণ সলনি হয় তেতিয়া, ৰঙৰ সূক্ষ্ম পৰিৱৰ্তন দেখা যায়। এটা চুকত সোণালী, আনটো চুকত ৰূপালী বা পাতল সেউজীয়া ৰঙৰ টিল্ট। এই পৰিৱৰ্তন ভুৱা ৰেচমত দেখা নাযায়। বৰঞ্চ ইয়াৰ উজ্জ্বলতা একৰঙী আৰু অতিৰিক্ত চিকচিকিয়া।

বিশেষজ্ঞসকলৰ মতে, তিনিওটা পৰীক্ষা ঘৰতে সহজে কৰিব পাৰি আৰু ইয়াৰ বাবে কোনো বিশেষ সঁজুলিৰ প্ৰয়োজন নহয়। কিন্তু আজি বজাৰত বহুতো উচ্চমানৰ মিশ্ৰিত ৰেচম উপলব্ধ যিয়ে এই পৰীক্ষাটোক বিভ্রান্ত কৰিব পাৰে। গতিকে বৃহৎ পৰিমাণৰ ক্ৰয়ৰ সময়ত লেব চার্টিফাইড বা ব্রেন্ডেড ষ্ট’ৰৰ পৰা ৰেচম ক্রয় কৰাটো আটাইতকৈ নিৰাপদ।

Exit mobile version