Maharasta By Election:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰৰ বাৰামতী আৰু ৰাহুৰী বিধানসভাৰ আসনৰ বাবেও অনুষ্ঠিত হয় উপ-নিৰ্বাচন ।
পুৱাই বাৰামতীৰ গংগুবাই কান্ত জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা মহাযুতিৰ প্ৰাৰ্থী সুনেত্ৰ পাৱাৰ আৰু তেওঁৰ সাংসদ পুত্ৰ পাৰ্থ পাৱাৰে। ভোটদানৰ পিছত সুনেত্ৰ পাৱাৰে প্ৰয়াত অজিত পাৱাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে ভোটদান কৰিবলৈ আহিছে বুলি জনায়
আজি অনুষ্ঠিত উপ- নিৰ্বাচনত বাৰামতী আৰু ৰাহুৰী সমষ্টিত সুনেত্ৰ পাৱাৰকে ধৰি মুঠ ২৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷
উল্লেখ্য যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰৰ বিগতবৰ্ষত এক বিমান দুৰ্ঘটনাত কৰুণ মৃত্যু হৈছিল ৷ পৰৱৰ্তী সময়তে তেওঁৰ সহধৰ্মিনী সুনেত্ৰ পাৱাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰা হয় ৷ সুনেত্ৰ পাৱাৰ কোনো এখন সদনৰ সদস্য নোহোৱা হেতুকে তেওঁক বিজেপি নেতৃত্বাধীন মহাযুতিৰ বাৰামতী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে।
আনহাতে শাৰীৰিক অসুস্থতাৰ বাবে বৰ্তমান মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিক শাৰদ পাৱাৰে ভোটদান কৰাৰ পৰা বিৰত থাকে । আনহাতে পুৱা এঘাৰ বজালৈকে বাৰামতী আৰু ৰাহুৰী সমষ্টিত ভোটদানৰ হাৰ ৩৭ শতাংশ ।






























