Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

এছএছবি পৰিয়ালৰ শিক্ষাৰ্থী কঢ়িওৱা বাহনৰ অগ্নিকাণ্ড, কথমপি ৰক্ষা পৰিল কণ কণ ছাত্ৰ-ছাত্ৰী

tezpur

Tezpur:

শনিবাৰে দুপৰীয়া তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক অঘটন ৷ চলন্ত স্কুল বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ মুহূৰ্ততে হুৱাদুৱা লাগে ৷ অৱশ্যে দৈব্যক্ৰমে ৰক্ষা পৰে কণ কণ ছাত্ৰ-ছাত্ৰী সকল ।

অগ্নিকাণ্ডৰ সূত্ৰপাতৰ পিছতে এছএছবি জোৱান সহ অগ্নিনিৰ্বাপকৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ৷

উল্লেখ্য যে শলমৰাস্থিত কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰা এছএছবিৰ পৰিয়ালৰ কণমানি ছাত্ৰ-ছাত্ৰীক দৈনিক অনা নিয়া কৰা হয় অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বাছ খনেৰে ৷

Exit mobile version