ভাৰতীয় চলচ্চিত্র জগতৰ এজন অন্যতম বর্ণাঢ্য তাৰকা সদ্যপ্রয়াত ধর্মেন্দ্ৰৰ ব্যক্তিগতজীবন বিশেষকৈ অবিবাহিত জীবনেও অনুৰাগীসকলৰ কৌতূহলৰ কেন্দ্রবিন্দু হৈ আহিছে। সংবাদ মাধ্যমৰ বাবেও ব্যক্তিগত জীৱনৰ ধর্মেন্দ্র এক সর্বদা আকর্ষণীয় বিষয়। মুম্বাইৰ বাসগৃহত সোমবাৰে ৮৯ বছৰ বয়সত জীৱনৰ অৱসান ঘটা ধর্মেন্দ্ৰৰ পত্নীৰূপে বলিউদৰ অন্যতম আকর্ষণীয় নায়িকা ‘ড্রিমগার্ল’ হেমা মালিনীকেই জনা যায় যদিও তেওঁৰ বৈবাহিক জীৱনলৈ দ্বিতীয় প্রবেশ আছিল নায়িকাগৰাকীৰ।
১৯৫৪ ত ধর্মেন্দ্ৰৰ প্রথম বিবাহ হৈছিল মাত্র ১৯ বছৰ বয়সতে প্রকাশ কৌৰৰ স’তে। সেয়া তেওঁ ছবি জগতত প্রবেশ কৰাৰ বহু দিনৰ পূৰ্বৰ কথা। তেওঁলোকৰ আছে চাৰিটা সন্তান। দুই পুত্র ছানী দেউল আৰু ববী দেউল। এই দুয়ো সন্তানে বলিউদৰ সুপ্রতিষ্ঠিত অভিনেতা আৰু সাফল্যমণ্ডিত কেৰিয়াৰ তেওঁলোকৰ। ইয়াৰ উপৰি দুই কন্যা হৈছে বিজেতা আৰু অজেতা।
১৯৬০ত ‘দিল ভি তেৰা হম ভি তেৰে’ নামৰ ছবিখনৰ জৰিয়তে বলিউদত আত্মপ্রকাশ ঘটা ধর্মেন্দ্রই ইতিমধ্যে বিবাহিত আছিল আৰু যেতিয়া তেওঁৰ প্রথম পুত্ৰ ছানিৰ জন্ম হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত ‘ফুল অউৰ পাথৰ’, ‘শোলে’, ‘চুপকে চুপকে’, ‘মেৰা গাঁও মেৰা দেশ’ আৰু ‘ধৰম বীৰ’ আদি ছবিৰ জৰিয়তে হিন্দু চিনেমাৰ মহাতাৰকালৈ পৰিগণিত হোৱা ধর্মেন্দ্ৰৰ জীৱনত এটা সময়ত প্ৰৱেশ ঘটিছিল ড্রিমগার্লৰ। ধর্মেন্দ্র-হেমাৰ প্রেম কাহিনী বলিউদৰ এক অন্যতম বহুল চর্চিত আৰু আকৰ্ষণৰ বিষয়।১৯৭০ত ছবিৰ শুটিঙৰ সময়তে হেমাৰ স’তে পৰিচয় ঘটিছিল ধর্মেন্দ্ৰৰ। তাৰ পাছৰে পৰা দুয়োৰে মাজত বৃদ্ধি হোৱা ঘনিষ্ঠতাই বাতৰি কাকতৰ পেজ খ্ৰীৰ শিৰোনাম দখল কৰিবলৈ লয়। এই দুই যুটিয়ে বহু ছবিত একেলগে অভিনয় কৰিছে। ইয়াৰ ভিতৰত আেেছ ‘সীতা অউৰ গীতা’, ‘ৰাজা-ৰাণী’, ‘ঝুগনু’ আৰু ‘শ্বোলে’ আদি।
স্ক্ৰীণৰ যুগলবন্দী বাস্তৱত পৰিণত হয় আৰু ১৯৮০ত ধর্মেন্দ্র-হেমা মালিনী বিবাহ পাশত আৱদ্ধ হয়। মনকৰিবলগীয়া যে সেই সময়ত তেওঁৰ প্ৰকাশ কৌৰৰ স’তে বিবাহ বিচ্ছেদ ঘটা নাছিল। ফলত এই বিয়াই বিতৰ্কৰ সূচনা কৰে। চর্চা অনুসৰি, ধর্মেন্দ্ৰ আৰু হেমাই তেওঁলোকৰ বিবাহৰ বৈধতা প্রদান কৰিবলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু মুছলিম পাৰ্ছনেল ল’ৰ অধীনত বিবাহ পাশত আবদ্ধ হয়।
ধর্মেন্দ্ৰৰ এই বিবাহ হিন্দু বিবাহ আইন অনুসৰি অবৈধ আছিল। কিয়নো হিন্দু বিবাহ আইন অনুসৰি বহু বিবাহ নিষিদ্ধ। সেয়েহে বহু বিবাহক মান্যতা দিয়া মুছলিম পাৰ্ছনেল ল’ৰ সুবিধা ল’বলৈ দুয়ো ইছলাম ধৰ্ম গ্ৰহণ কৰে বুলি কোৱা হয় তেওঁলোকে অৱশ্যে এই ধৰ্মান্তকৰণৰ ৰাজহুৱা দাবী অস্বীকাৰ কৰিছে।
ধর্মেন্দ্ৰৰ প্ৰথমগৰাকী পত্নী প্রকাশে কেতিয়াও বিবাহ বিচ্ছেদ নকৰিলে আৰু চাৰি সন্তানসহ ধর্মেন্দ্ৰৰ লগতে বাস কৰি থাকিল। ৰাজহুৱাভাৱে তেওঁৰ স্বামীক এই সমস্ত বিষয়টো সুৰক্ষা প্রদান কৰিছিল। ১৯৮১৩ ষ্টাৰডাষ্ট নামৰ আলোচনীত এক সাক্ষাতত প্রকাশে কয়, ‘মোৰ স্বামীয়ে কেৱল কিয়? যিকোনো পুৰুষে মোতকৈ হেমাক অধিক প্রশ্ন কৰিলেহেঁতেন।’
তদুপৰি তেওঁ প্রশ্ন কৰিছিল, ‘মোৰ স্বামীৰ মহিলা প্রীতি থকা বুলি ক’বলৈ কোনো সাহস কৰিছে? অথচ ছবি উদ্যোগৰ অর্ধেকেই এই কামেই কৰি আছে। সকলোবোৰ নায়কৰে বিবাহ বহির্ভূত প্রেম আছে আৰু দ্বিতীয়বাৰৰ বাবে বিবাহত আবদ্ধ হৈছে। তেওঁ উত্তম স্বামী হ’ব নোৱাৰিব পাৰে কিন্তু তেওঁ মোৰ এজন অতি ভাল মানুহ, কিন্তু তেওঁ নিশ্চিতভাবে শ্রেষ্ঠ পিতৃ।তেওঁৰ সন্তানে তেওঁক বৰ ভাল পায়। তেওঁ কেতিয়াও সন্তানক অৱহেলা নকৰে।’
ইপিনে, হেমামালিনী সন্দৰ্ভত প্রকাশে কয়, ‘মই বুজি পাওঁ যে হেমাই কি পৰিস্থিতিৰ মাজেৰে কটাইছে? তেওঁ সমাজৰ, তেওঁৰ আত্মীয়-স্বজন আৰু বন্ধুবৰ্গৰ সন্মুখীন হ’ব লাগে। হেমা মালিনী আৰু ধর্মেন্দ্ৰৰ আছে দুই কন্যা ইশা দেউল আৰু আহানা দেউল। দুয়োটা পৰিয়ালে দীঘলীয়া সময়ছোৱাত এক সুন্দৰ সামঞ্জস্য বজাই ৰাখিছে।
ধর্মেন্দ্ৰই প্ৰকাশ কৌৰ আৰু তেওঁলোকৰ সন্তানৰ স’তে বসবাস কৰিছিল তথা হেমা মালিনী আৰু দুই কন্যাই পৃথকে বাস কৰে। মাজে মাজে ধর্মেন্দ্ৰই হেমাৰ ঘৰলৈ গৈছিল আৰু দুই কন্যাকো লগ পাইছিল। কিন্তু দুয়োটা পৰিয়ালে নিজস্ব জীৱন কটাইছিল।






























