Janata Bhwan Play Ground:বিধান সভা অধিবেশনৰ নিৰাপত্তাৰ নামত‌ জনতা ভৱন খেল পথাৰ বন্ধ : ক্ষুদ্ধ ৰাইজে

h 1

Janata Bhwan Play Ground:

আজিৰে পৰা অনুষ্ঠিত হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ নিৰাপত্তাৰ দোহাই দি ল’ৰা -ছোৱালীয়ে ক্ৰিকেট, ফুটবল, শৰীৰ চৰ্চা কৰা তথা যুৱক- যুৱতী আৰু জেষ্ঠ নাগৰিকসকলৰ প্ৰাতঃ সান্ধ্য ভ্ৰমণৰ বাবে দিছপুৰত অৱস্থিত একমাত্ৰ খেলপথাৰ জনতা ভবন খেলপথাৰখন আজিৰে পৰা অহা ২৯ নৱেম্বৰ বিধানসভাৰ শীতকালীন অধিৱেশন শেষ নোহোৱালৈকে চৰকাৰে নিৰ্দেশ দিছে। এই খেল পথাৰখনত অনুশীলন কৰা ল’ৰা -ছোৱালী, যুৱক, বৃদ্ধ সকলোৱে চৰকাৰৰ এই কাৰ্যৰ প্ৰতিবাদ কৰিছে। আগেয়ে বিধানসভাৰ অধিৱেশনৰ সময়ত ৰাতিপূৱাই ৮ বজালৈক অনুশীলনৰ বাবে এই খেল পথাৰখন খোলা ৰাখিছিল।

এয়া পোন প্ৰথম বাৰৰ বাবে চৰকাৰে দোকমোকালিতে পৰা ৰাতিলৈকে খেলপথাৰখন বন্ধ ৰাখিবলৈ লোৱা সিদ্ধান্তই সকলোকে ক্ষুদ্ধ কৰি তুলিছে। দিছপুৰৰ ৰাইজে চৰকাৰক এই জনতা ভৱন খেল পথাৰখন ৰাতিপুৱা অন্ততঃ৮ বজালৈকে খুলিব দিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে এই খেল পথাৰখনত ক্ৰিকেট, ফুটবল, ভলীবল, এথলেটিক্স তথা বিভিন্ন খেলৰ অনুশীলন নিৰ্মিত ভাবে কৰে। তদুপৰি বয়স্ক লোকসকলেও এই খেল পথাৰখনত দৌৰে অথবা খোজকাঢ়ে।

Exit mobile version