Guwahati :
চৰকাৰী বিদ্যালয়ৰ উন্নয়নমুখি যাত্ৰা । যি সময়ত চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যতক লৈ ভিন্ন চৰ্চা অব্যাহত আছে , ঠিক তেনে সময়তে চৰ্চা লৈ আহিছে গুৱাহাটীৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ধাউতি হেৰুওৱাৰ সময়তে ন ৰূপেৰে ন উদ্যমেৰে আগুৱাইছে নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়।ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ উন্নীত কৰণ কৰা হৈছে বিদ্যালয় খন ।
চৰকাৰী বিদ্যালয় জীয়াই ৰখাৰ চৰকাৰী চেষ্টাৰ ফলশ্ৰুতিত আজি গুৱাহাটীৰ চান্দমাৰী স্থিত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ শুভ উদ্বোধন অনুষ্ঠান আয়োজন কৰা হয় ।প্ৰায় ৪২ লাখ টকাৰ চৰকাৰী অনুদানেৰে এই গৃহ টো নিৰ্মাণ কৰা হৈছে । বিদ্যালয় গৃহটোত দুটা শ্ৰেণীকোঠা আৰু প্ৰথম মহলাত নিজৰাপাৰ বাসিন্দা প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত “সুধাকণ্ঠ প্ৰেক্ষাগৃহ” নামেৰে এটি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হয় । নৱ নিৰ্মিত এই ভৱন উদ্বোধন কৰে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসম চৰকাৰৰ পি ডব্লিও ডি বিভাগৰ বিশেষ সচিব ৰাজ চক্ৰবৰ্তীয়ে ।
অনুষ্ঠানত সাংবাদিক প্ৰণয় বৰদলৈৰ লগত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ – ছাত্ৰী আৰু বিশিষ্ট অতিথি সকল উপস্থিত থাকে । অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতাই সাংবাদিকৰ আগত কয় যে , এনে উন্নীত কৰণে চৰকাৰী বিদ্যালয় আৰু বহু দিনলৈ জীয়াই ৰাখিব । এনেকৈ আধুনিক ভৱন নিৰ্মাণ কৰি দিলে , উপযুক্ত শিক্ষক নিযুক্তি দিলে , সকলো যাৱতীয় সুবিধা কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয় নগৈ সকলো চৰকাৰী বিদ্যালয়লৈ আকৌ ঘূৰি আহিব । ১৯৫৬ চনত স্থাপিত ঐতিহ্যমণ্ডিত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ যাত্ৰা খেৰীঘৰৰ পৰা আৰম্ভ , ছাত্ৰ – ছাত্ৰী সকলে ধাৰি লৈ স্কুললৈ আহিছিল আৰু আজি এই ঐতিহ্যমণ্ডিত বিদ্যালয় খন এটা ধুনীয়া অট্টালিকাত পৰিণত হ’ল ।
১০০ ৰো অধিক ছাত্ৰ – ছাত্ৰী পাঠগ্ৰহণ কৰে স্কুল খনত । লগতে প্ৰধান শিক্ষক গৰাকীয়ে কয় যে , আমাৰ এই আগশাৰী ঐতিহ্যমণ্ডিত নিজৰাপাৰ বিদ্যালয়ৰ পৰা পাঠদান কৰা ছাত্ৰ – ছাত্ৰী বৰ্তমান বহু ভাল – ভাল পদবীত কৰ্মৰত আছে। ইয়াৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য , মলয়া বৰুৱা ,ৰাজ চক্ৰৱৰ্তী , প্ৰণয় বৰদলৈ আদি । মই আজি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছো যে , চৰকাৰী স্কুলত শ্ৰেণী অনুযায়ী শিক্ষক নিয়োগ কৰাৰ ব্যৱস্থা কৰক তেতিয়া ছাত্ৰ – ছাত্ৰী সকল চৰকাৰী বিদ্যালয় মুখি হ’ব । এই নৱনিৰ্মিত গৃহটোত ছাত্ৰ – ছাত্ৰীৰ বাবে দুটা শ্ৰেণীকোঠা আৰু বিদ্যালয়খনৰ বিভিন্ন অনুষ্ঠানৰ বাবে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে ।




































