Revenue Minister Keshab Mahanta:
অসম বিধানসভাৰ পাচঁদিনীয়া শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিন ৷ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় সদনৰ কামকাজ ৷ শাসক- বিৰোধীৰ কে’বাজনো বিধায়কে গাঁও প্ৰধান আৰু লাটমণ্ডল নিযুক্তি সোধা কে’বাটাও প্ৰশ্নোত্তৰত ৰাজহ মন্ত্ৰী কেশৱ মহন্তই কয় ৰাজ্যত খালী হৈ থকা গাঁও প্ৰধানৰ নিযুক্তি প্ৰক্ৰিয়া অচিৰেই আৰম্ভ হ’ব। মুঠ ৭,৫৫১টা পদৰ বিপৰীতে ইতিমধ্যে পূৰণ কৰা হৈছে প্ৰায় ৫,৩২২টা পদ ৷ এতিয়াও খালী হৈ থকা ২,২২৮ টা পদৰ বাবে শীৰ্ঘেই প্রকাশ পাব বিজ্ঞাপন ৷
আনহাতে খালী হৈ থকা ৫৩৮টা লাট মণ্ডলৰ বিপৰীতে ৫০০ টা পদৰ বাবে অচিৰেই দিয়া হ’ব বিজ্ঞাপন। এই পদৰ বাবে প্ৰাৰ্থীৰ থাকিব লাগিব প্রযুক্তিগত জ্ঞান ৷ বিজ্ঞান শাখাত অধ্যয়নৰত সকলে লাভ কৰিব অগ্ৰাধিকাৰ ৷ একেদৰে ভূগোল বিজ্ঞানৰ শিক্ষার্থীয়ে লাভ কৰিব সুবিধা ৷ সদনত মন্ত্ৰী মহন্তই আৰু কয় যে ২০০৭-০৮ বৰ্ষত প্রশিক্ষণ গ্রহণ কৰা সকলে এই পদত লাভ কৰিব নিযুক্তি ৷
