Two MLAs suspended:
আজিৰ পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ পাঁচদিনীয়া শীতকালীন ৷ অধিবেশনত অংশগ্ৰহণ কৰিছিল শাসক- বিৰোধীৰ সকলো বিধায়ক ৷ ইয়াৰ মাজতে নিলম্বন কৰা হয় দুই বিধায়কক ৷ বিধায়কদ্বয় হ’ল কংগ্ৰেছৰ বিধায়ক নুৰুল হক আৰু কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক ৷
অসম বিধান সভাৰ বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনমর্মে দুই বিধায়কৰ নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷
উল্লেখ্য যে, ৰূপহীহাটৰ কংগ্ৰেছৰ বিধায়কনুৰুল হুদাৰ বিৰুদ্ধে বিধান সভাৰ উপাধ্যক্ষ ডা:নোমল মমিনক উপাধ্যক্ষৰ কেবিনৰ প্ৰৱেশদ্বাৰত শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ একেদৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে সদনৰ বাহিৰে-ভিতৰে ৰাজহুৱাভাৱে উপাধ্যক্ষক অপদস্থ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷
এই দুই অভিযোগ সম্পৰ্কত অসম বিধান সভাৰ বিশেষাধিকাৰ সমিতিতবিস্তাৰিতভাৱে আলোচনাৰ অন্তত অধ্যক্ষৰ এক প্ৰতিবেদন দাখিল কৰা হয় ৷



































