MLA Majibur Rahman:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত বিজেপি মিত্ৰজোঁট,কংগ্ৰেছ নেতৃত্বাধীন সাতদলীয় ঐক্য মঞ্চই নিৰ্বাচনী যুঁজত নামিবৰ বাবে ককালত বান্ধিছে টঙালি।
ইয়াৰ বিপৰীতে নিৰ্বাচনী ৰণত অকলেই নমাৰ বাবে প্ৰস্তুতি চলাইছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ ৷ কংগ্ৰেছে এআইইউডিএফক বিজেপিৰ বি’ টিম বুলি আখ্যা দি আগন্তুক নিৰ্বাচনত দলটো নি:শেষ হ’ব মন্তব্য দি অহাত খড়্গগ্ৰস্ত হৈ পৰিছে এআইইউডিএফ বিধায়ক সকল ৷ এই সন্দৰ্ভত দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে কয়,কংগ্ৰেছ পাৰ্টি এতিয়া মিঞা পার্টীলৈ পৰিণত হৈছে ৷ এখোপ আগুৱাই বিধায়কজনে কয়,উজনি অসম, বিটিআৰ, বৰাকত কংগ্ৰেছ নাই, কেৱল মিঞা অঞ্চলত কংগ্ৰেছ ঘূৰি আছে।কংগ্রেছে মিঞাৰ ভোটৰ আধাৰত চৰকাৰ বনাব বিচাৰিছে। চৰকাৰ বনাবলৈ হ’লে সর্বত্রে কাম কৰিব লাগিব যিটো কংগ্ৰেছে কৰা দেখা নাই। এনেক্ষেত্ৰত এই দলটোক জণগণে ক্ষমতাৰ পৰা বহু দূৰলৈ নিক্ষেপ কৰিব ৷




































