Book Release:
মহানগৰীৰ নেড্ফি কনভেনশ্বন চেন্টাৰত শনিবাৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ ইংৰাজীত ৰচিত গ্ৰন্থ “কালাৰচ্ অৱ লাইফ”ৰ শুভ উন্মোচন হৈ যায় ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ “বিস্তীৰ্ণ পাৰৰে ” আৰু সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ “মায়াবিনী” গীতটি পৰিৱেশন কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে আছাম ৰাইফলচৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰা ৷ আমন্ত্ৰিত অতিথি অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বেল অঞ্জন গগৈ ,বিশিষ্ট লেখক ঔপন্যাসিক ধ্ৰুৱ হাজৰিকা সম্বনিতে উপস্থিত থকা অৰ্ধশতাধিক সাহিত্যানুৰাগীৰ উপস্থিতি উন্মোচিত হোৱা “কালাৰচ অৱ লাইফ” হ’ল লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ সামৰিক জীৱনৰ দীৰ্ঘকালৰ অভিজ্ঞতাৰ ফচল৷গ্ৰন্থ খনত সন্নিৱিষ্ট মুঠ ৪৬ টা লেখাৰ অৰ্ধেক সংখ্যক লেখাত আছে এজন সেনা বিষয়াৰ সামৰিক জীৱনৰ সৰু বৰ অভিজ্ঞতাৰ এক দলিল৷আনহাতে গ্ৰন্থখনৰ আন অংশত বৰ্ণিত হৈছে অৱসৰকালীন সময়ছোৱাত লেখকে লগ পোৱা চহৰ আৰু গ্ৰাম্যাঞ্চলৰ সাধাৰণ মানুহৰ জীৱনৰ ক্ষুদ্ৰ অথচ সংবেদনশীল মূহুৰ্তৰ সাৱলীল বৰ্ণনা৷
বিশিষ্ট অতিথি লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰাই নিজৰ ব্যক্তব্যত কয় যে সামৰিক বাহিনীত লগ পোৱা ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ এজন পৰিশীলিত ন্যায়পৰায়ণ ব্যক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত লেখক হিচাপেও তেওঁ সফল ৷ কাৰণ লেখক ৰঞ্জিত বৰঠাকুৰে নিজৰ কলমত সেনা জোৱান আৰু নিজৰ মাতৃভূমিৰ প্ৰতি থকা আত্মীয়তাক অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ সাহিত্যক ধ্ৰুৱ হাজৰিকাই “কালাৰচ্ অৱ লাইফ” সম্পৰ্কে এক সম্যক ধাৰণা আগবঢ়োৱাৰ সমান্তৰালকৈ এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) অঞ্জন গগৈয়ে গ্ৰন্থখনৰ সন্দৰ্ভত এক সুন্দৰ আলোচনা আগবঢ়ায় ৷ উপস্থিত দৰ্শকৰ তৰফৰ পৰা বুদ্ধিজীৱী ময়ূৰ বৰাই এনে গ্ৰন্থৰ প্ৰয়োজনীয়তা সম্পৰ্কত এক চমু অথচ মননশীল মন্তব্য দিয়ে ৷
লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাৰ পাতনিৰে আকৰ্ষণীয় বেটুপাতৰ “কালাৰচ্ অৱ লাইফ” লেখক ৰঞ্জিত বৰঠাকুৰে বাস্তৱৰ কেনভাচত মানুহৰ সুখ-দুখ ,হৰ্ষ-বিষাদৰ ৰঙেৰে অংকন কৰা জীৱনৰ এক অনুপম কলাজ ৷




































