উদ্বেগজনক খালেদাৰ শাৰীৰিক অৱস্থা!

চীন, ইউৰোপৰ পৰা ৰাওনা হৈছে চিকিৎসকৰ দল

1764736109 khaleda

khaleda zia:✒️বাংলাদেশৰ বিএনপিৰ দলৰ নেত্ৰী খালেদা জিয়াৰ শাৰীৰিক অৱস্থা এতিয়াও চিন্তনীয়।শেষ হোৱা নাই সংকট। চিকিৎসালয়ৰ সূত্ৰৰ উদ্ধৃতি দি বাংলাদেশৰ সংবাদ মাধ্যম ‘প্ৰথম আলো’ই প্ৰকাশ কৰিছে যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শৰীৰত বিভিন্ন জটিলতা আছে।

অৱশ্যে এই চিকিৎসা সফল হ’ব বুলি আশাবাদী চিকিৎসকসকল। বিএনপিৰ সূত্ৰই জনোৱা মতে, যদি খালেদাৰ অৱস্থাৰ উন্নতি নহয়, তেন্তে তেওঁৰ পুত্ৰ তাৰিক ৰহমান সোনকালে বাংলাদেশলৈ ঘূৰি আহিব।

প্ৰাপ্ত তথ্য অনুসৰি, খালেদাৰ হৃদযন্ত্ৰ, যকৃত, বৃক্ক আৰু হাওঁফাওঁৰ বিভিন্ন সমস্যা আছে। সেই সকলোবোৰ জটিলতা এতিয়াও সমাধান হোৱা নাই। চিকিৎসালয়ৰ এক সূত্ৰ অনুসৰি বুধবাৰে চীন আৰু ব্ৰিটেইনৰ পৰা বিশেষজ্ঞ চিকিৎসকৰ দুটা দল ঢাকাত উপস্থিত হোৱাৰ কথা।

বিএনপি নেত্ৰীগৰাকীৰ পৰিয়াল আৰু দলে তেওঁক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিছে যদিও শাৰীৰিক অৱস্থাৰ বাবে চিকিৎসকে তেওঁক স্থানান্তৰিত কৰিবলৈ সংকোচ কৰিছে।

সেয়েহে বহিঃৰাজ্যৰ পৰা বিশেষজ্ঞৰ এটা দলে খালেদাৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰিবলৈ ঢাকাৰ এখন চিকিৎসালয়লৈ যাব।

বিএনপিৰ সূত্ৰই জনোৱা মতে, খালেদাক বহিঃৰাজ্যলৈ লৈ যোৱা সম্ভৱ নে নহয় সেই সন্দৰ্ভত আজি চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব পাৰে।

Exit mobile version