Zubeen Garg:✒️অসম চৰকাৰে কৈছে যে ই এক হত্যাকাণ্ড। আমি জানিব বিচাৰো যে ভাৰত চৰকাৰে আয়োজন কৰা এক কাৰ্যসূচীত বিদেশৰ মাটিত কিদৰে এক হত্যাকাণ্ড সংঘটিত হ’ল। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰো আৰু জুবিন গাৰ্গক সর্বোচ্চ অসামৰিক সম্মান যাচিবলৈ আমি ভাৰত চৰকাৰক অনুৰোধ জনালো।’
বুধবাৰে লোকসভাত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে ন্যায়ৰ দাবী উত্থাপন কৰে লোকসভাৰ বিৰোধী উপ-দলপতি তথা অসম কংগ্রেছৰ মুৰব্বী গৌৰৱ গগৈয়ে।
তেওঁ কয় যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয় আৰু ছিংগাপুৰস্থ ভাৰতীয় উচ্চাযুক্তই আয়োজন কৰা এক অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ সময়তে জুবিনৰ মৃত্যু হয়।
তেওঁ কয়, ‘জুবিন আছিল এজন শিল্পী, মানবতাবাদী, পৰিৱেশপ্রেমী, বন্যপ্রাণীপ্রেমী আৰু এজন গ্ৰন্থপ্রেমী। ৮০ আৰু ৯০ৰ দশকত এই মহান শিল্পীজনে তেওঁৰ সংগীতৰ জৰিয়তে অসমৰ মানুহৰ মনৰ মাজত আশাৰ সঞ্চাৰ ঘটাইছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জুবিন গার্গে অসমক নৈতিক সাহস যোগাইছিল আৰু অসমৰ মানুহৰ মেৰুদণ্ড হৈ পৰিছিল। তেওঁ আমাক শিকাইছিল কিদৰে ব্যক্তিগত বেদনা অতিক্রম কৰিব পাৰি আৰু ধৰ্ম-জাতিৰ ভেদাভেদ নকৰিবলৈ আমাক শিকাইছিল। প্রকৃতার্থত অসমে দেশক দিছে চাহ, তেল, গঁড় আৰু জুবিন গাৰ্গক।’
তেওঁ কয়, ‘জুবিনে আমাক দেখুৱাইছিল ঘৃণা, ভয়, সন্দেহ আৰু অবিশ্বাসমুক্ত বৰঅসম নিৰ্মাণৰ সপোন। জুবিন সদায় আমাৰ কাঞ্চনজংঘা হৈ থাকিব। অসমে আজি জুবিনৰ শোকত ম্রিয়মাণ হৈছে। আমি জুবিনৰ ন্যায় বিচাৰো।’






























