বিমানবন্দৰতে উষ্ণ আলিংগনেৰে পুটিনক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

russian president vladimir putin and pm modi leave the airport in the same car 044841456

Vladimir Putin :✒️দুদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনক আদৰিবলৈ প্ৰট’কল ভংগ কৰি দিল্লীৰ পালম ইন্দিৰা গান্ধী আন্তর্জাতিক বিমান বন্দৰত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাণৱেত থিয় দি কৰমৰ্দনৰ পাছত পুটিনক আলিংগন কৰি নতুন দিল্লী-মস্কোৰ মৈত্ৰীৰ বাৰ্তা প্ৰেৰণ কৰে মোদীয়ে। তাৰ পৰা একেখন বাহনতে দুয়ো উঠি যাত্রা আৰম্ভ কৰে। সাধাৰণতে প্রট’কল অনুযায়ী কোনো বিদেশী ৰাষ্ট্রনেতা ভাৰত ভ্রমণলৈ আহিলে তেওঁক বিমান বন্দৰত আদৰণি জনাবলৈ উপস্থিত হয় বৈদেশিক মন্ত্রী বা বৈদেশিক মন্ত্রণালয়ৰ ৰাজ্যিক মন্ত্রী নাইবা দায়িত্বপ্রাপ্ত আন কোনো মন্ত্রী।

কিন্তু ২০১৭ত বাংলাদেশৰ তদানীন্তন প্রধানমন্ত্রী শেখ হাছিনা, ২০১৮৩ ইজৰাইলৰ বেঞ্জামিন নেতানিয়াহুক স্বাগতম জনাবলৈ মোদীয়ে নিজেই বিমান বন্দৰলৈ গৈছিল। এইবাৰ পুটিনৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্রম নঘটিল। ইয়াৰ পাছতে সামাজিক মাধ্যম ‘এক্স’ত প্রধানমন্ত্রীয়ে লিখিছে, ‘মোৰ বন্ধু পুটিনক ভাৰতলৈ আদৰণি জনাবলৈ পাই আনন্দিত হৈছো। আজি আৰু কাইলৈ আমাৰ আলোচনাৰ বাবে বাট চালো। সময়ৰ পৰীক্ষাত উত্তীর্ণ হৈছে ভাৰত-ৰাছিয়াৰ বন্ধুত্ব যিয়ে আমাৰ মানুহৰ মহৎ উপকাৰ সাধন কৰিছে।’

প্রধানমন্ত্রী মোদীৰ চৰকাৰী আৱাসত কালি সন্ধিয়া সাত বজাত দুই ৰাষ্ট্রনেতা উপস্থিত হয়। ইয়াত আয়োজন কৰা হৈছে ব্যক্তিগত নৈশ আহাৰৰ।

২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক সম্মিলনত দুই বাষ্ট্রনেতাৰ মাজত আলোচনাৰ পৰিণতি কি হ’ব তাকে লৈ বিশ্ববে দৃষ্টি আছে। পুটিনৰ ভ্ৰমণকালত দুয়োপক্ষই বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা প্রকল্পত বুজাবুজিৰ চুক্তি সম্পন্ন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত এছইউ-৩০ যুঁজাৰু বিমানৰ দ্বিতীয় পৰ্যায়ৰ পুনৰ নবীকৰণ, দীর্ঘ পৰিসৰৰ আৰ-৩৭ ক্ষেপণাস্ত্র আদি।

সূত্রত প্রকাশ যে সদ্য পাকিস্তানৰ স’তে যুদ্ধ সদৃশ পৰিস্থিতিত ভাৰতে ব্যৱহাৰ কৰা ক্ষেপণাস্ত্র ক্রয়ক লৈও আলোচনা হ’ব। ২৮০ টা এনে ক্ষেপণাস্ত্র ক্রয় কৰাৰ চুক্তি সম্পন্ন হ’ব পাৰে। উল্লেখ্য যে কাইলৈ মোদীক আনুষ্ঠানিক আদৰণি জনোৱা হ’ব। পুটিনৰ এই ভ্রমণ অতি গুৰুত্বপূর্ণ বিবেচিত হৈছে।

সুত্রত প্রকাশ যে প্রতিক্ষা, শক্তি আৰু বাণিজ্যক লৈয়ে মূলতঃ আলোচনা সম্পন্ন হ’ব। পুটিনে তেওঁৰ স’তে বৃহৎ সংখ্যক উদ্যোগপতিক অনা বুলিও সূত্রত প্রকাশ।

ব্যাপক নিৰাপত্তা ব্যৱস্থা

পুটিনৰ নিৰাপত্তাৰ বাবে দিল্লী আৰক্ষীয়ে পাঁচ হেজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে। কুটাঘাত বিৰোধী অভিযান আৰক্ষী নিয়োগ কৰা হৈছে আৰু লগতে বিভিন্ন উচ্চ স্থানত ‘স্নাইপাৰ’ নিয়োগ কৰা হৈছে। ইয়াৰ লগতে আছে ড্র’ণ প্ৰতিৰোধী ব্যবস্থাৱলী, উচ্চ প্রযুক্তিৰ চিচি টিভি আদিও।

নিশা ক’ত কটালে পুটিনে

বিমান বন্দৰত নিজে উপস্থিত হৈ উষ্ম আদৰণিৰে মোদী ইতিমধ্যে পুটিনৰ প্রতি বিশেষ আতিথ্যৰ ইংগিত দিছে। কছ ৰাষ্ট্ৰপতিলৈ ৰঙা দলিচা পাৰি দিয়া মোদীয়ে পুটিনক নিশা দিল্লীৰ অন্যতম বিলাসী হোটেল আইটিচি মৌৰ্য্যত থকাৰ ব্যৱস্থা কৰিছে। দিল্লীৰ চৰ্দাৰ পেটেল মার্গত অৱস্থিত বিলাসী বহুল হোটেলখনে বহু ৰাষ্ট্র নায়কক আতিথ্য দিছে।

দালাই লামা, বিল ক্লিন্টন, জর্জ ডব্লিউ বুশ, বাৰাক অ’বামা, টনী ব্লেয়াৰ, ড’নাল্ড ট্রাম্প আদিয়েও ইয়াত নিশা যাপন কৰিছে। পুটিনে নিশা কটালে হোটেলৰ আটাইতকৈ ব্যয়বহুল আৰু আটকধুনীয়া চাণক্যত। এই বিশাল কোঠা চাৰি হেজাৰ বৰ্গ ফুটৰ। ইয়াত সংমিশ্রণ ঘটোৱা হৈছে ভাৰতীয় ঐতিহ্য আৰু বিলাসী আধুনিকতাৰ। সূত্ৰত প্রকাশ যে এনিশাৰ বাবদ এই কোঠাৰ মূল্য আঠৰ পৰা ১০ লাখ টকা।

Exit mobile version