Indian Railways new rule:✒️ভাৰতীয় ৰেল বিভাগে ৰেলগাড়ীৰ টিকট বুকিঙৰ ক্ষেত্ৰত সম্প্রতি বিশেষ নিয়ম প্ৰৱৰ্তন কৰিছে। সেই অনুসৰি, আইআৰচিটিচিৰ ৱেবছাইট আৰু ম’বাইল এপত পুৱা আঠ বজাৰ পৰা ১০ বজাৰ ভিতৰত ৰেলৰ টিকট বুকিঙৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক কৰা হৈছে।
টিকট বিক্ৰীৰ ক্ষেত্ৰত সততে হৈ থকা জালিয়াতি ৰোধ কৰাৰ লগতে প্রয়োজনৰ সময়ত সকলো যাত্রীয়ে যাতে টিকট লাভকৰিব পাৰে, তাক নিশ্চিত কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ লৈছে ৰেল বিভাগে।
প্রসংগক্রমে উল্লেখ কৰিব পাৰি,পুৱা আঠ বজাৰ পৰা ১০ বজালৈকে এই দুঘণ্টা সময়ত জনপ্রিয় ৰেলগাড়ীসমূহৰ টিকটৰ চাহিদা সর্বাধিক হয়।
বহু অসাধু লোকে প্রায়ে একাধিক একাউন্ট ব্যৱহাৰ কৰি বা স্বয়ংক্রিয় ছফ্টৱেৰ ব্যৱহাৰ কৰি টিকট বুকিঙত প্ৰৱঞ্চনাৰ আশ্রয় লয়। এনে সমস্যা প্ৰতিৰোধ কৰিবলৈকে আইআৰচিটিচিয়ে নির্দিষ্ট দুঘন্টা কেৱল আধাৰ সংযুক্ত কৰা ব্যৱহাৰকাৰীৰ বাবে সীমাবদ্ধ কৰি ৰাখিছে।
যিসকল লোকে আধাৰ সংযুক্ত কৰা নাই, তেওঁলোকে পুৱা আঠ বজাৰ পৰা ১০ বজাৰ বাহিৰে যিকোনো সময়তে টিকট বুকিং কৰিব পাৰিব। উল্লেখ্য যে ইয়াৰ পূর্বে তৎকাল টিকট বুকিঙৰ বাবেহে আধাৰ বাধ্যতামূলক আছিল।




































