ব্যক্তিগত সংস্থাৰ কৰ্মচাৰীসকলৰ মাজত সদায় এটা চাকৰি এৰি আন এটা চাকৰিত যোগদান কৰাৰ প্ৰৱণতা থাকে। আৰু এনেদৰে চাকৰি এৰি নতুন এটাত যোগদান কৰাৰ সময়ত বহুতে পুৰণি চাকৰিৰ প্ৰতিষ্ঠানটোত থকা পিএফ একাউন্টৰ পৰা জমা টকা উলিয়াই লয়।
কিন্তু পিএফ একাউণ্টৰ পৰা এনেদৰে ধন উলিওৱাটো বুদ্ধিমানৰ কাম নহয়। তৎক্ষণাত বেছি টকাৰ প্ৰয়োজন নহ’লে কেইবছৰমান জমা টকাখিনি একেটা পিএফ একাউণ্টতে ৰাখিব পাৰে।
তদুপৰি ইয়াৰ দ্বাৰা পিএফ উপভোক্তাসকলে অন্যধৰণেও উপকৃত হ’ব পাৰে। কিয়নো চাকৰি এৰাৰ লগে লগে পিএফ একাউণ্টৰ পৰা টকা নুলিয়াই কিছু বছৰ অপেক্ষা কৰিলে অতিৰিক্ত সুত লাভ কৰিব পাৰি।
দৰাচলতে, কৰ্মচাৰীজনে চাকৰি এৰিলেও পি এফ একাউণ্টত সুত জমা হৈয়েই থাকে। ফলত জমা টকাৰ পৰিমাণ বাঢ়ি গৈ থাকে। সেয়েহে নতুন সংস্থাত যোগদান কৰাৰ সময়ত একেটা পি এফ একাউণ্ট স্থানান্তৰ কৰাটো বুদ্ধিমানৰ কাম।
কৰ্মচাৰী ভবিষ্য নিধি সংগঠনৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম অনুসৰি, চাকৰি এৰি যোৱাৰ পাছতো পিএফ একাউন্টত ৩৬ মাহ পর্যন্ত টকা ৰাখিব পাৰি। কিন্তু তেনে ক্ষেত্রত পি এফ একাউন্টটো সক্ৰিয় কৰি ৰাখিবলৈ অন্ততঃ কিছু টকা উলিয়াব লগা হয়।
অন্যথা ইয়াক নিষ্ক্রিয় বুলি গণ্য কৰা হয়। যদি একাউন্টটো নিষ্ক্রিয় হৈ পৰে তেন্তে ধনখিনি জ্যেষ্ঠ নাগৰিক কল্যাণ পুঁজিত জমা হয়।






























