বিশেষ কৃতিত্ব অর্জন ‘চন্দ্ৰযান ৩’ৰ : চন্দ্ৰৰ দক্ষিণ মেৰুত বিচাৰি পালে ‘বিদ্যুৎ’

IMG 20251213 115050

Chandrayaan-3 চন্দ্ৰৰ দক্ষিণ মেৰুৰ সম্পর্কে চমকপ্রদ তথ্য দাঙি ধৰিলে ইছৰ’ৰ ‘চন্দ্ৰযান ৩’-এ। চন্দ্রপৃষ্ঠৰ প্রায় সমান্তৰালকৈ এক গতিশীল তথা বৈদ্যুতিকভাবে সক্রিয় পৰিৱেশৰ কথা জনা গৈছে প্রকাশিত তথ্যৰ পৰা।

প্রাপ্ত তথ্য অনুসৰি, যোৱা ২৩ আগষ্টৰ পৰা তিনি ছেপ্টেম্বৰ পৰ্যন্ত প্রাপ্ত তথ্য বিশ্লেষণ কৰি অবাক হৈ পৰিছে ইছৰ’ৰ বিজ্ঞানীসকল।

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্রই জনাইছে যে চন্দ্ৰৰ সেই অঞ্চলত পদার্থ প্লাজমা অৱস্থাত আছে। প্লাজমা হৈছে এনে এক অৱস্থা য’ত পদার্থ তড়িদাহত কণা, মুক্ত ইলক্ট্রেৰনৰ মিশ্রণ।

যি বিদ্যুৎ সঞ্চালন কৰিব পাৰে তথা তড়িৎচৌম্বকীয় ক্ষেত্রত সঁহাৰি দিব পাৰে। চন্দ্ৰৰ এই প্লাজমা অবস্থা সৃষ্টি হৈছে প্ৰধানকৈ সৌৰ বতাহৰ প্রভাৱত। তদুপৰি সূৰ্যৰ পোহৰো এটা ফেক্টৰ।

সৌৰৰশ্মিত চন্দ্রপৃষ্ঠৰ পৰমাণুৰ পৰা ইলেক্ট্রন মুক্ত হৈ থাকে। চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমবাৰ উপস্থিত হৈছিল ইছৰ’বে প্ৰেৰণ কৰা ‘চন্দ্রযান ৩’। এই অভিযান হৈছে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা তথা সাশ্রয়ী ইঞ্জিনীয়াৰিঙৰ এক অনন্য উদাহৰণ।

মহাকাশ অনুসন্ধানত ভাৰতৰ বিপুল সম্ভাৱনাৰ প্রতীকৰূপেই এই অভিযানক চিহ্নিত কৰিছে অধিকাংশ বিশেষজ্ঞই।

ইয়াৰ পূৰ্বে বিজ্ঞানীসকলে জনাইছিল যে চন্দ্রত যিমান পানী আছে বুলি ধাৰণা কৰা হয়, বাস্তৱত তাতকৈও বেছি পৰিমাণে আছে। গুৰুত্বপূর্ণ তাপমাত্রা সংক্রান্তীয় তথ্যই সেই দিশতে নির্দেশ কৰা বুলি জনোৱা হৈছিল।

অর্থাৎ চন্দ্রত বৰফ যি যি স্থানত আছে বুলি ধাৰণা কৰা হয়, বাস্তৱত হয়তো তাতকৈও বহু বেছি স্থানত বৰফ বিয়পি আছে।

গৱেষকৰ দলে তৈয়াৰ পৰা এটা মডেলৰ পৰা জনা যায় যে ১৪ ডিগ্ৰীৰ অধিক ঢালবিশিষ্ট চন্দ্রপৃষ্ঠই, সূৰ্যৰ পৰা দূৰত মুখ কৰি, পৃষ্ঠৰ ওচৰতে বৰফ গোট মৰাৰ বাবে পর্যাপ্ত ঠাণ্ডা তাপমাত্রা বজাই ৰাখিব পাৰে।

লগতে এইবোৰ তথ্য বিশ্লেষণ কৰি বিজ্ঞানীসকলে ধাৰণা কৰিছে যে চন্দ্ৰৰ গভীৰ অতি বেছি বৰফৰ অস্তিত্ব থাকিবই পাৰে। অৱশ্যে চন্দ্ৰৰ চৰম তাপমাত্ৰাৰ কাৰণেই ইয়াত বৰফ পোনপটীয়াকৈ বাষ্পলৈ পৰিণত হ’ব পাৰে।

কেতিয়াও সেয়া পানীলৈ ৰূপান্তৰিত হোৱাৰ উপায় নাই। এইবাৰ চন্দ্ৰৰ দক্ষিণ মেৰু সম্পর্কে অন্য গুরুত্বপূর্ণ তথ্য দাঙি ধৰিলে বিজ্ঞানীসকলে।

Exit mobile version