Shillong:✒️গোলকগঞ্জৰ মটেৰঝাৰৰ তিনি ভাই ককায়কে মেঘালয়ৰ শ্বিলঙত শ্ৰমিকৰ কাম কৰিবলৈ গৈ মৃত্যুক আকোঁৱালি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
শ্বিলঙত কাম কৰিবলৈ যোৱা মটেৰঝাৰৰ তিনি ভাই ককায়কে ক্ৰমে ইমদাদূল হক, ইক্ৰামুল হক আৰু মফিদুল হকে যোৱা শুকুৰবাৰৰ নিশা আহাৰ গ্ৰহন কৰি কোঠালীত কয়লাত জুই জ্বলাই দি শুই পৰে।
পিছদিনা পুৱা ৰহস্যজনক ভাবে কোঠাটোৰ পৰা উদ্ধাৰ হয় ইমদাদুল হক আৰু ইক্ৰামুল হক নামৰ দুই ভাই ককায়েকৰ মৃতদেহ।
আনহাতে সংকটজনকভাবে উদ্ধাৰ হোৱা মফিদুল হক নামৰ ভাতৃ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয়। মৃত্যুৰ কাৰন এতিয়াও পোহৰলৈ অহা নাই যদিওঁ কোঠালীত জ্বলোৱা কয়লাৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ দুই ভাই ককায়েকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ।
মৰণোত্তৰ পিছতহে প্ৰকৃত পোহৰলৈ আহিৱ। আজি দিনৰ ভাগত হে মৃতদেহ গোলকগঞ্জৰ নিজ গৃহ মটৰঝাৰ লৈ অনা হ’ব ।
