মেঘালয়ত ১৩৩ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ ঔষধি গুণযুক্ত বিৰল প্ৰজাতিৰ গছ

IMG 20251218 111536

Hypericum lobbii:✒️বিলুপ্ত হোৱা বুলি ধাৰণা কৰাৰ ১৩৩ বছৰৰ পাছত মেঘালয়ত পুনৰ আৱিষ্কাৰ হৈছে এক বিৰল প্রজাতিৰ ঔষধি গুণযুক্ত উদ্ভিদ। ভাৰতীয় উদ্ভিদ বিজ্ঞান জৰীপ (বিএছআই) ব শ্বিলংস্থিত পূব মণ্ডল কেন্দ্রই ৰাজ্যখনত সম্পন্ন কৰা এক জৰীপত হাইপাৰিকাম ল’ব্বি নামৰ এবিধ বিৰল সপুষ্পক উদ্ভিদৰ অস্তিত্ব পুনৰুদ্ধাৰ হৈছে।

১৩৩ৰো অধিক বছৰ পূর্বে মেঘালয়ত প্রাদুর্ভাব ঘটা উদ্ভিদৰ এক মহামাৰীত এইবিধ উদ্ভিদো নিঃশেষ হৈছিল। অৱশেষত ২০২২ আৰু ২০২৩ত ডিএছআই গবেষকসকলে চলোৱা এক ক্ষেত্র জৰীপৰ সময়ত পূব খাচি পাহাৰ জিলা মওফলাঙত এই উদ্ভিদবিধৰ অস্তিত্ব পুনৰ উদ্ধাৰ হয়।

এই উদ্ভিদৰ বিষয়ে একমাত্র ব্রিটিছ উদ্ভিদ সংগ্রাহক থমাছ ল’বৰ টোকাত পোৱা যায়। ল’বে ১৮৯০ৰ দশকত এইবিধ উদ্ভিদো সংগ্ৰহ কৰিছিল। উল্লেখ্য যে বিগত শতিকাত খাচি পাহাৰ জিলাত বহুবাৰ উদ্ভিদ বৈজ্ঞানিক অন্বেষণ চলে যদিও এইবিধ উদ্ভিদৰ অস্তিত্ব উদ্ধাৰ হোৱা নাছিল।

সেয়েহে উদ্ভিদ বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে এইবিধ উদ্ভিদ সম্পূর্ণরূপে বিলুপ্ত হৈছে। কিন্তু শেহতীয়াকৈ বিএছআইৰ গৱেষকসকলে চলোৱা অধ্যয়নত এইবিধ উদ্ভিদৰ অস্তিত্ব পুনৰুদ্ধাৰ হয়। এই গৱেষকসকলে দিপু বিজয়নৰ নেতৃত্বত অধ্যয়নটো সম্পন্ন কৰে।

গবেষক দলটোৰ আনসকলৰ অন্যতম হৈছে হৰেকৃষ্ণ ছোৱেইন, য়ালাটুৰ মহেশ আৰু ৰামলিংগম কট্টাইমুথু। উল্লেখ্য যে এইবিধ উদ্ভিদৰ ২৫ টা প্রজাতি ভাৰতত পোৱা যায়। হিমালয়ত ইয়াৰ ঘনত্ব অধিক।

শতিকা বছৰ পূৰ্বে হেৰাই যোৱা বুলি ধাৰণা কৰা উদ্ভিদবিধৰ অস্তিত্ব পুনৰুদ্ধাৰৰ বিষয়ে এখন উচ্চমানৰ বিজ্ঞান আলোচনীত প্রকাশ পাইছে। গৱেষকসকলৰ মতে খাচি পাহাৰ জিলাত এইবিধ উদ্ভিদৰ ৩০-৪০ বিধ উদ্ভিদ পোৱা গৈছে।

মওফলাঙৰ ১৭০০ৰ পৰা ১৯০০ মিটাৰ উচ্চতাত এই উদ্ভিদসমূহ পোৱা গৈছে।।হাইপাৰচিয়াম গোত্ৰৰ অন্তর্ভুক্ত এই উদ্ভিদ ঔষধি গুণযুক্ত বুলি গৱেষকসকলে প্রকাশ কৰিছে।

গতিকে এই উদ্ভিদ স্পর্শকাতৰো।কাৰণ ঔষধৰূপে ব্যৱহাৰৰ উদ্দেশ্যে বহুতে এই উদ্ভিদ ধ্বংস কৰাৰ আশংকাও আছে। ইতিমধ্যে এই বিৰল প্ৰজাতিৰ উদ্ভিদবিধৰ অস্তিত্বলৈ ভাবুকি আহিছে।

পাহাৰত বসতি স্থাপন, নিৰ্বনানীকৰণ আদিয়ে উদ্ভিদবিধৰ প্রতি আশংকাৰ সৃষ্টি কৰিছে।গতিকে এই উদ্ভিদবিধ সংৰক্ষণৰ দাবীও উত্থাপন হৈছে।

Exit mobile version