অগ্নিগৰ্ভা বাংলাদেশ! ১৯৭১ চনৰ তুলনাত বৃহৎ প্ৰত্যাহ্বান

IMG 20251219 135918

Bangladesh:✒️অগ্নিগৰ্ভা বাংলাদেশ । ক্ৰমান্বয়ে দেশখনত বৃদ্ধি পাইছে ভাৰত বিৰোধিতা । অৱশ্যে এই কথা নতুন দিল্লীয়ে আগতেই অনুমান কৰে।

বৃহস্পতিবাৰে বিয়লি কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত এখন সংসদীয় সমিতিয়ে স্পষ্টকৈ জনাইছিল যে, ভাৰতে ১৯৭১ চনৰ পাছত বাংলাদেশৰ স’তে সৰ্বাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বিষয়টো সাৱধানে চম্ভালিব নোৱাৰিলে ভাৰতৰ সমস্যা বহু পৰিমাণে বৃদ্ধি পাব।

বৃহস্পতিবাৰে নিশা ছিংগাপুৰত মৃত্যু হয় বাংলাদেশৰ ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ। তেতিয়াৰ পৰাই অগ্নিগৰ্ভ বাংলাদেশত ।

বাংলাদেশত ক্ষুব্ধ জনসাধাৰণে সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ আয়োগলৈকে সকলোতে জুই লগাইছে। ইতিমধ্যে একাধিক হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে।

এনে পৰিস্থিতিত সংসদীয় কমিটীৰ প্রতিবেদনে স্পষ্টকৈ ইংগিত দিয়ে যে ভাৰতে এনেদৰে বাংলাদেশ বিস্ফোৰণ হ’ব পাৰে বুলি অনুমান কৰিছিল৷ হাদীৰ মৃত্যুৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে সংসদীয় সমিতিৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছিল।

পৰিৱৰ্তিত বাংলাদেশৰ প্ৰতি চৰকাৰে কেনেধৰণৰ কূটনৈতিক কৌশল গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভত থাৰুৰৰ নেতৃত্বত কমিটীয়ে একাধিক পৰামৰ্শ আগবঢ়াইছে। প্ৰতিবেদনত কোৱা হৈছে যে, “১৯৭১ চনত ই আছিল মানৱীকতাৰ বিষয়।এটা নতুন জাতি গঠন হ’ল। কিন্তু বৰ্তমানৰ সমস্যাবোৰ বহুত গভীৰ। ৰাজনৈতিকভাৱে সম্পূৰ্ণৰূপে ৰূপান্তৰিত হৈছে বাংলাদেশ। কূটনৈতিক দৃষ্টিকোণৰ পৰা চীন আৰু পাকিস্তানৰ প্ৰভাৱ দেশখনত বাঢ়িছে, অৰ্থাৎ ঢাকা ভাৰতৰ বিৰোধিতাৰ পথৰ দিশে আগবাঢ়িছে।এই সময়ছোৱা ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সাৱধানে চম্ভালিব নোৱাৰিলে বাংলাদেশো ভাৰত বিৰোধী হৈ পৰিব।”

উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে বাংলাদেশৰ তিনিটা ভিছা চেণ্টাৰ বন্ধ কৰি দিছে।যদিও ঢাকাৰ ভিছা চেণ্টাৰ পুনৰ খোলা হৈছে, তথাপিও বন্ধ হৈ আছে চট্টগং আৰু ৰাজশাহীৰ ভিছা চেণ্টাৰ। বৃহস্পতিবাৰে আক্ৰমণৰ বলি হয় ভাৰতীয় উচ্চায়ুক্ত।

কোনো বিদেশী শক্তিয়ে যাতে বাংলাদেশৰ মাটিত ভিত্তি স্থাপন নকৰে তাৰ বাবে নতুন দিল্লীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কমিটীয়ে পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও বাংলাদেশক যোগাযোগ, বন্দৰ, আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কিছু বিশেষ ৰেহাই দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল।

নিষিদ্ধ ইছলামিক সংগঠন জামাত-ই-ইছলামিক পুনৰ ৰাজনৈতিক মূলসুঁতিলৈ অনাৰ ধৰণেও ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিব।

জামাত-ই-ইছলামীৰ স্বীকৃতি আৰু আৱামী লীগ নিষিদ্ধ কৰাৰ ফলত ভৱিষ্যতে বাংলাদেশত নিকা নিৰ্বাচনৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নাইকিয়া হ’ব বুলি সমিতিখনে আশংকা প্ৰকাশ কৰিছে।

Exit mobile version