বাংলাদেশৰ ৰাষ্ট্ৰদূতক পুনৰ তলব মোডী চৰকাৰৰ!

এসপ্তাহত দুবাৰ, দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনা অব্যাহত 

IMG 20251224 104530

India-Bangladesh Relation:✒️দিল্লীত নিযুক্ত বাংলাদেশৰ ৰাষ্ট্ৰদূত এম ৰিয়াজ হামিদুল্লাক পুনৰ তলব কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। একে সপ্তাহতে দ্বিতীয়বাৰৰ বাবে এছ জয়শংকৰৰ মন্ত্ৰালয়ে বাংলাদেশৰ উচ্চায়ুক্তক মাতি তলব কৰে।

তাৰ কিছু ঘণ্টাৰ ভিতৰতে বাংলাদেশৰ ৰাষ্ট্ৰদূতক তলব কৰে নৰেন্দ্ৰ মোডী চৰকাৰে।কি কাৰণে ভাৰতত থকা বাংলাদেশৰ ৰাষ্ট্ৰদূতগৰাকীক পুনৰ তলব কৰে সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।

অৱশ্যে যোৱা কিছুদিনত ভাৰত আৰু বাংলাদেশৰ মাজত কূটনৈতিক উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ মাজতে যোৱা সপ্তাহত ভাৰত চৰকাৰে হামিদুল্লাক তলব কৰি ঢাকাত থকা ভাৰতীয় দূতাবাসৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰে।

ইয়াৰ পাছতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে শীঘ্ৰে একেৰাহে দুবাৰকৈ ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাক ঢাকালৈ তলব কৰে। বাংলাদেশত দিপু দাসৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰতিক্ৰিয়া ভাৰতত আহি পৰিছে ।

মঙলবাৰে দিল্লীৰ বাংলাদেশ উচ্চায়ুক্ত আৰু কলকাতাত উপ-উচ্চ আয়োগৰ বাহিৰত বিশ্ব হিন্দু পৰিষদ, এবিভিপি, হিন্দু জাগৰণ মঞ্চকে ধৰি সংঘ পৰিয়ালৰ কেবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তেজনা বৃদ্ধি পায়। এনে পৰিবেশত মহম্মদ ইউনুছৰ প্ৰশাসনে প্ৰণয়ক তলব কৰি উদ্বেগ প্ৰকাশ কৰে।

Exit mobile version