খ্ৰীষ্টান ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে আম আদমি পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজ, সঞ্জীৱ ঝা, আদিল আহমেদ খানৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে।
আৰক্ষীৰ অভিযোগ, ১৭ আৰু ১৮ ডিচেম্বৰত তেওঁলোকে নিজৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছিল। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্ত্র্যালয়ৰ নিয়ন্ত্রণত থকা চান্টাক্লজৰ সাজ-পোছাক পৰিহিত ব্যক্তিজনক এই ভিডিঅ’টোত উপহাস কৰা হৈছে৷
প্ৰসংগক্ৰমে ভিডিঅ’টোত দেখা গৈছে যে বৰদিনৰ দিনা চান্টাক্লজ দিল্লীত উপস্থিত হৈ প্ৰদূষণত একেবাৰে বিৰক্ত হৈ পৰিছে।
খ্ৰীষ্টানসকলৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগক অৱশ্যে পোনপটীয়াকৈ নাকচ কৰিছে আপৰ নেতৃত্বই।
দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আম আদমি পাৰ্টিৰ দিল্লী ইউনিটৰ সভাপতি সৌৰভ ভৰদ্বাজে বৃহস্পতিবাৰে কয়,” এই চান্টাক্লজ ভিডিঅ’ নাটকৰ জৰিয়তে আমি প্ৰদূষণৰ বিষয়টো দিল্লীৰ জনসাধাৰণৰ মাজলৈ লৈ আহিছো।যাৰ ফলত বিজেপি নেতৃত্বাধীন দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰক সমস্যাত পৰিছে।’
পাছলৈ সৌৰভে অভিযোগ কৰিছে যে ৰাজনৈতিক প্ৰতিহিংসা নিষ্পত্তি কৰিবলৈ শ্বাহৰ মন্ত্ৰালয়ৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছিল।






























