হিমাচল প্ৰদেশত পেৰাগ্লাইডিং দুৰ্ঘটনা! মৃত্যু পাইলট

IMG 20251228 172057

Himachal Pradesh:✒️উৰণৰ কিছু সময়ৰ পাছতে খুলি পৰিল পেৰাচুটখন । হিমাচল প্ৰদেশত ভয়ংকৰ পেৰাগ্লাইডিং দুৰ্ঘটনাত মৃত্যু এজন পাইলটৰ । ঘটনাটোত এজন পৰ্যটকো আহত হয়। প্ৰাথমিক তথ্য অনুসৰি যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

হিমাচল প্ৰদেশৰ কংৰা জিলাৰ বীৰ বিলিং অঞ্চল পেৰাগ্লাইডিঙৰ বাবে অত্যন্ত বিখ্যাত। শুকুৰবাৰে বিয়লি তাত থকা লঞ্চিং পইণ্টৰ পৰা এজন পৰ্যটকে পেৰাগ্লাইডাৰে উৰা মাৰে।

বীৰ বিলিং পেৰাগ্লাইডিং এছ’চিয়েশ্যনে জনোৱা মতে, উৰণৰ কিছু সময়ৰ পাছতে বায়ুৰ মাজত পেৰাচুটে ভাৰসাম্য হেৰুৱাই পেলায়। বিপদ অনুভৱ কৰি পাইলটে অৱতৰণ কৰাৰ চেষ্টা কৰে।যদিও তেতিয়াই সংঘটিত হয় দুৰ্ভাগ্যজনক ঘটনা।

ভাৰসাম্য হেৰুৱাই লঞ্চিং পইণ্টৰ সমীপতে পেৰাচুটখনে পথত খুন্দা মাৰে । লগে লগে ঘটনাস্থলীত উপস্থিত হয় বিষয়াসকল।

সংকটজনক অৱস্থাত পাইলটজনক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাত তেওঁৰ মৃত্যু হয়। দুৰ্ঘটনাত সামান্য আঘাতপ্ৰাপ্ত হয় পৰ্যটকজন। প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি তেওঁক মুকলি কৰি দিয়া হয়।

Exit mobile version