Tingkhong:
টিংখাঙৰ শালমাৰী দীঘলীয়াত ভয়ংকৰ অঘটন ৷ নিশা বিকট শব্দৰে অইলৰ পাইপলাইন ফাটি অহৰহ নিৰ্গত হয় ক্রুড অইল ৷ ক্রুড অইল নির্গত হৈ অঞ্চলজুৰি বিয়পিছে দুর্গন্ধ । আনহাতে ভয়ংকৰ অগ্নিকাণ্ড ঘটাৰ আশংকাত আতংকিত হৈ পৰিছে গঞা ।
উল্লেখ্য যে সোমবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত এই ঘটনাৰ পিছত নিমিষতে ক্ৰুড অইলে আবৰি ধৰে সমীপৰ কৃষি পথাৰ আৰু মীন পালন কৰা পুখুৰীসমূহ। তেল নিৰ্গত হোৱাৰ ফলত পুখুৰীত পোহা মাছবোৰৰ মৃত্যু হৈছে। কেৱল সেয়াই নহয়, প্ৰায় ১ কিলোমিটাৰ অঞ্চললৈ বিয়পি পৰিছে ভয়ানক দুৰ্গন্ধ, যাৰ ফলত উশাহ লোৱাতো কষ্টকৰ হৈ পৰিছে। ৰাইজৰ আশংকা দিনৰ পোহৰত এই গেছ বায়ুৰ লগত সংমিশ্ৰিত হ’লে জীৱকুলৰো বিস্তৰ ক্ষতি হ’ব পাৰে।
অৱশ্যে নিশাই ঘটনাস্থলীত অগ্নি নিৰ্বাপকৰ গাড়ী সহ অইল কৰ্তৃপক্ষ উপস্থিত হৈ তেল নিৰ্গমন বন্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । উল্লেখ্য যে, অঞ্চলটোত পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। অতি পুৰণি হোৱা পাইপবোৰত অইল কৰ্তৃপক্ষই কেৱল জোৰাটাপলি মাৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
#pipeline




































