বিশালকায় জলচৰ প্ৰাণীৰ মস্তিষ্কত ‘ভয়ংকৰ খেলা’ৰ কথা জনালে বিজ্ঞানীয়ে

IMG 20260108 172952

নিশ্চিন্ত টোপনি গ’লেই মৃত্যু নিশ্চিত তিমিৰ

 

 

Sharks:✒️কেৱল মানুহেই নহয়, জগতৰ সকলো জীৱৰ বাবে অতি প্রয়োজনীয় হৈছে নিদ্রা। নিশ্চিন্ত নিদ্রা প্রতিজন মানুহৰ দৈনন্দিন জীৱনৰ পৰম কাংক্ষিত এক পর্ব। দিনটোৰ এটা নির্দিষ্ট সময়ত যিসকলে শুব পাৰে, তেওঁলোক সঁচাকৈয়ে পৃথিৱীৰ অন্যতম সুখী মানুহ। কাৰণ নিদ্রাহীনতাত ভুগি থকা মানুহৰ সংখ্যাও এই পৃথিৱীত কম নহয়।

অৱশ্যে এইবোৰ সমস্যা এই প্রতিবেদনৰ মূল বিষয়বস্তু নহয়।আলোচনাৰ বিষয়বস্তু হৈছে পৃথিৱীৰ বৃহত্তম স্তন্যপায়ী প্রাণী তিমি। কিয়নো এই জলচৰ প্রাণীবিধৰ জীৱনত নিদ্ৰাৰ বিষয়টো সম্পূর্ণরূপে ভিন্ন। তিমিয়ে কেতিয়াও বিশ্রামৰ সময়ত নিশ্চিন্তমনে টোপনি যাব নোৱাৰে। কাৰণ নিশ্চিন্ত নিদ্রাই তিমিৰ জীৱনলৈ মাতি আনে মৃত্যু।

সাগৰৰ বাসিন্দা এই বিশালকায় প্রাণীবিধৰ জীৱনৰ এই সমস্যা কিয়? সম্প্রতি একাংশ বিজ্ঞানীয়ে ইয়াৰ ব্যাখ্যা দিছে। জনা গৈছে যে তিমিয়ে টোপনি গ’লেও মস্তিষ্কৰ সম্পূৰ্ণ অংশই বিশ্রাম নাপায়। জাগ্রত হৈ থাকে মস্তিষ্কৰ অর্ধেক অংশ। সেই অর্ধজাগ্রত অৱস্থাতে সিহঁতে সাঁতুৰি ফুৰে, ওচৰ-পাজৰৰ পৰিবেশ আৰু আসন্ন বিপদ সম্পর্কে সজাগ হৈ থাকে।

ক’ব পাৰি যে থাকিবলগীয়া হয়। এই পদ্ধতিক কোৱা হয় ‘ইউনিহেমিস্কেৰিক শ্লিপ’। ইয়াৰ নিয়ম হৈছে, যেতিয়া মস্তিষ্কৰ এটা অংশ বিশ্রামত ঢলি পৰে, ঠিক সেই মুহূর্ততে আন অংশ সক্রিয় হৈ উঠে। সাধাৰণতে দিনৰ ভাগত নিদ্ৰাৰত অৱস্থাতে তিমিবোৰে পানীত ভাহি ভাহি আন ঠাইলৈ গুচি যায়।

গৱেষণাই কৈছে যে পোৱালি তিমিবোৰৰ এই বিশ্রামচক্ৰ মাকৰ ওপৰতে নিৰ্ভৰ কৰে। সাধাৰণতে পোৱালিবোৰে মাকৰ সময় অনুসৰি শোৱে। পৰৱৰ্তী সময়ত ডাঙৰ হ’লে সিহঁতে নিজৰ পৃথক কটিন প্রস্তুত কৰে।

অৱশ্যে কেৱল তিমিয়েই নহয়, আন এবিধ সামুদ্রিক প্রাণী ডলফিনৰ বিশ্রামো এই ইউনিহেমিস্ফেৰিক শ্লিপ পদ্ধতিতে হয়। বটলন’জ ডলফিনবোৰে হেনো সাঁতোৰা বা পানীত ভাহি ফুৰাৰ সময়তে পর্যাপ্ত বিশ্রাম লৈ লয়। সমগ্র জীৱনটো পানীতে কটোৱাৰ সুবাদত সিহঁতৰ নিজস্ব ভাৰসাম্য সৃষ্টি হয়।

গৱেষণাত কোৱা হৈছে যে তিমি বা ডলফিনৰ এই নিদ্ৰাৰ পদ্ধতি পানীত বাচি থকাৰ এক গুৰুত্বপূৰ্ণ আৰু কঠিন পদ্ধতি। কাৰণ সিহঁতৰ মস্তিষ্ক সম্পূৰ্ণৰূপে বিশ্রামত গুচি যোৱাৰ অৰ্থ হৈছে সাক্ষাৎ মৃত্যু। সঁচাকৈয়ে অতি বিচিত্র এই প্ৰকৃতিৰ সৃষ্টি।

Exit mobile version