ভোটৰ আগতেই বাংলাদেশৰ ভোলা জিলাত হিংসাত্মক পৰিস্থিতি!

সংঘর্ষত আহত ৩০ জন

IMG 20260110 165128

Bangladesh:✒️নিৰ্বাচনৰ পূৰ্বে বাংলাদেশৰ ভোলা জিলাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনাৰ আঁৰত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বিএনপি আৰু মুক্তিযুদ্ধবিৰোধী শক্তি জামায়াতে ইছলামিৰ হাত থকাৰ অভিযোগ উঠিছে।

তথ্য অনুসৰি,শুকুৰবাৰে নিশা দুয়ো পক্ষৰ মাজত হোৱা সংঘর্ষত কমেও ৩০ জন আহত হৈছে।

প্ৰকাশিত তথ্য অনুসৰি, লালমোহন উপজিলাৰ ৰামগঞ্জ ইউনিয়নৰ ৰায়চাঁদবজাৰত নিৰ্বাচনী প্ৰচাৰৰ সময়ত জামায়াতৰ কৰ্মীয়ে কৰা কিছুমান বিতৰ্কিত মন্তব্যক লৈ প্ৰথমে বাক্‌বিতণ্ডা আৰম্ভ হয়।ইয়াৰ পৰাই সংঘর্ষৰ সূত্ৰপাত ঘটে।

নিশা প্ৰায় আঠ বজাৰ পৰা আৰম্ভ হোৱা সংঘর্ষ কেবা ঘণ্টালৈ চলি থাকে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।আহতসকলক লালমোহন উপজিলা স্বাস্থ্য কমপ্লেক্স, ভোলা জিলা সদৰ চিকিৎসালয়কে ধৰি বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে, অহা ১২ ফেব্ৰুৱাৰীত বাংলাদেশত জাতীয় সংসদৰ ৩০০ খন আসনত এক দফাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। সেইদিনাই জুলাই সনদক লৈ গণভোটো অনুষ্ঠিত হ’ব।

সংসদীয় নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ জামাত-ই-ইছলামীয়ে জুলাই আন্দোলনৰ এটা অংশৰ ছাত্র-যুৱতী নেতাই গঠন কৰা ৰাজনৈতিক দল নেশ্যনেল চিটিজেনছ পাৰ্টি (এনচিপি)কে ধৰি আঠটা দলৰ স’তে চুক্তিত উপনীত হৈছে।

নিৰ্বাচনৰ পূৰ্বে কেবাটাও মতামত সমীক্ষাৰ পৰা দেখা গৈছে যে বিএনপিয়ে প্ৰথম আৰু জামাত উল ইছলামীয়ে দ্বিতীয় স্থান লাভ কৰাৰ সম্ভাৱনা আছে। ভোটৰ সময় ওচৰ চাপি অহাৰ লগে লগে বাংলাদেশত ৰাজনৈতিক উত্তেজনা বাঢ়িছে।

Exit mobile version