নতুন বছৰটো মহাকাশ প্রেমীসকলৰ বাবে যথেষ্ট উপভোগ্য হ’ব। বছৰৰ আৰম্ভণিতেই ইয়াৰ ইংগিত পোৱা গৈছিল। যোৱা তিনি-চাৰি জানুৱাৰীৰ আকাশত দেখা গৈছিল অনন্য সুন্দৰ চন্দ্ৰটো। সেয়া আছিল অন্যতম বিৰল মহাজাগতিক দৃশ্য। সপ্তাহটো পাৰ নৌহওঁতেই এইবাৰ দেখা পোৱা যাব সৌৰজগতৰ এক সদস্যক।
নিশাৰ আকাশত জলমলাব ‘গুৰুগ্রহ’ বৃহস্পতিয়ে। মাজনিশা আকাশলৈ চালেই খালী চকুৰেই দেখা যাব সৌৰজগতৰ সবাতোকৈ বৃহৎ গ্রহটো। স্বয়ং নাছাই জনাইছে যে আজি মাজনিশা সবাতোকৈ ভালদৰে বৃহস্পতি গ্রহ দেখা পোৱা যাব। ক’ৰ পৰা কিদৰে বৃহস্পতিক ভালদৰে দেখা পোৱা যাব সেয়াও জনাইছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাই।
নাছাই জনাইছে যে সূর্যক কেন্দ্র কৰি গ্ৰহবোৰৰ অৱস্থান যদি এডাল কাল্পনিক ৰেখা টানি বুজাৰ চেষ্টা কৰা হয়, তেনেহ’লে দেখা যাব বৃহস্পতিৰ অৱস্থান পঞ্চমত। তাৰ আগত আছে মঙল গ্রহ, যি পৃথিৱীৰ নিকটতম প্রতিবেশী। বৃহস্পতিয়েই সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহ।
পুৰানৰ গুৰু বৃহস্পতিৰ নামৰ তুলনা কৰি ইয়াক ‘গুৰুগ্রহ’ বুলিও কোৱা হয়। গ্ৰহৰ ধৰ্ম অনুসৰিয়ে ই সূৰ্যক প্রদক্ষিণ কৰে। সেই ঘূর্ণনৰ ফলতে আজি মহাকাশত যাদুৰ সৃষ্টি হ’ব। আজি সূৰ্য আৰু বৃহস্পতিৰ একেবাৰে মাজত আহি উপস্থিত হ’ব পৃথিৱী।
ফলত পৃথিৱীৰ পৰা সবাতোকৈ কম দূৰত্বত আহি উপস্থিত হ’ব বৃহস্পতি। সেয়ে পৃথিৱীৰ পৰা এই গ্রহ অতি ভালদৰে দৃশ্যমান হ’ব। দেখা যাব সবাতোকৈ ডাঙৰ, সবাতোকৈ উজ্জ্বল।
কিদৰে চাব সেই উপায়ো বৰ্ণনা কৰিছে নাছাই। তেওঁলোকে জনাইছে যে শনিবাৰে সন্ধিয়াৰ পৰাই বৃহস্পতি গ্রহে আকাশত দেখা দিব। মিথুন নক্ষত্র মণ্ডলীৰ ঠিক কাষলৈ চালেই দেখা যাব এটা জলমলীয়া গ্রহ। অৱশ্যে নিশা যিমানে আগবাঢ়িব, অন্ধকাৰ আকাশত গ্রহটো সিমানেই বেছি উজ্জ্বল হ’ব। ঠিক মাজনিশা ভালদৰে ইয়াক দেখা পোৱা যাব।
নাছাই জনাইছে যে আজি মাজনিশা বৃহস্পতিক চাবলৈ কোনো টেলিস্কোপৰ প্ৰয়োজন নহ’ব। এটা প’ষ্টত নাছাই লিখিছে, ‘সন্ধিয়া পূৱ আকাশৰ ফালে চালে মিথুন নক্ষত্র মণ্ডলীৰ কাষতে দৃশ্যমান হ’ব বৃহস্পতি। নিশাৰ আকাশত উজ্জ্বল তৰাবোৰৰ দৰেই দেখা যাব এই গ্রহক।’ সচৰাচৰ চন্দ্ৰৰ বাহিৰে শুক্র গ্রহক এইদৰে নিশাৰ আকাশত দেখা যায়। এইবাৰ বিৰলতম ঘটনাৰূপে বৃহস্পতি গ্রহকো খালী চকুৰে দেখা পোৱা যাব।






























