মেৰু নহয়, এইবাৰ সাগৰৰ তলিতো দেখা গ’ল ‘অৰোৰা’

বাহামাত অপূর্ব দৃশ্যই হতবাক কৰিছে সকলোকে

IMG 20260111 133124

আকাশত মেৰুপ্ৰভাৰ কথা প্রায় সকলোৱেই জানে। সম্প্রতি সামাজিক মাধ্যমৰ সুবাদত সেই অপূর্ব সুন্দৰ দৃশ্য আমি ঘৰতে বহি দেখা পাইছো। এইবাৰ আৰু অবাক কৰা চমকপ্রদ বিষয় প্রকাশলৈ আহিছে।

কেৱল মেৰু প্ৰদেশৰ আকাশতে নহয়, এইবাৰ সাগৰৰ তলিতো দেখা গৈছে ‘অৰোৰা’ৰ চমক। বাহামা দ্বীপপুঞ্জৰ ভিতৰৰ পৰাও ৰং-বিৰঙৰ পোহৰ দেখা গৈছে। পহিলা নৱেম্বৰত তোলা এক ফটোৰ পৰাই এই কথা পোহৰলৈ আহিছে।

কি যাদুত সাগৰত এনে ৰঙীন পোহৰৰ টুকুৰা দেখা গৈছে, তাৰো ব্যাখ্যা দিছে নাছাই।বাহামা দ্বীপপুঞ্জ প্রায় তিনি হেজাৰ সৰু-বৰ দ্বীপক লৈ গঠিত। ইয়াৰ মূল আকর্ষণ হৈছে প্রবাল দ্বীপ। ইয়াত বিপুল সামুদ্রিক ঐশ্বৰ্যৰ ভাণ্ডাৰ লুকাই আছে বুলি কোৱা হয়। দ্বীপৰ ফাকে ফাকে এইবোৰ প্ৰবাল আৰু অন্যান্য ৰঙীন সামুদ্রিক প্ৰাণীৰ দলবদ্ধ অৱস্থানে ভিন্ন ৰূপ ধাৰণ কৰে।

কোনো কোনো দ্বীপৰ সংলগ্ন পানীৰ তলভাগ ইমানেই স্বচ্ছ যে পানীৰ ভিতৰত স্পষ্ট হৈ পৰে ৰঙৰ খেলা। তদুপৰি বাহামাৰ বালিভূমিতো নানা ৰঙৰ খেলা দেখা যায়। ক’ৰবাত ক’ৰবাত বালিৰ ৰঙত মিহলি হৈ পৰে প্ৰবাল দ্বীপৰ ৰং আৰু তাতেই ফুটি উঠে অনন্য সৌন্দর্য।

মহাকাশৰ পৰা বাহামা দ্বীপুঞ্জৰ ৰূপ অনন্য হৈ পৰে। নাছাৰ আৰ্থ অবজাৰভেটৰিৰ পর্যবেক্ষণ অনুসৰি, মহাকাশচাৰীসকলৰ বাবে এই ঠাই সবাতোকৈ পৰিচিত। অর্থাৎ আকাশৰ পৰা তলৰ ফালে চালে এনে ৰঙীন দ্বীপ দেখিলেই তেওঁলোকে সহজে বুজি পায় যে সেয়াই বাহামা।

মহাকাশৰ পৰা বাহামাৰ ফালে চালে অনেক অদ্ভুত ৰঙৰ খেলা দেখিবলৈ পোৱা যায়, যি মেৰুপ্ৰভাৰ স’তে তুলনীয়। ইয়াৰ মূল কাৰণ হৈছে বাহামাৰ একো একোটা দ্বীপখণ্ডৰ ভিন্ন প্ৰকাৰৰ চেহেৰা আৰু পৰিৱেশ। প্রবাল ইয়াৰ প্ৰধান ‘ৰত্ন’। তদুপৰি ক’ৰবাত যদি সেউজ ঘাঁহ বা শেলুৱৈৰ আধিক্য, ক’ৰবাত আকৌ কেৱল বালিচৰ।

নীলাভ সেউজ, ৰঙা বা হালধীয়াপ্রায় বগা; সকলো মিলাই যি ৰং তৈয়াৰ হয়, তাৰ ওপৰত সূৰ্যৰ পোহৰৰ প্ৰতিফলনত দেখিবলৈ প্ৰভাৰ দৰেই লাগে।

মহাকাশচাৰীসকলে নিজস্ব অভিজ্ঞতাৰ পৰাই জনাইছে যে বাহামাৰ দ্বীপখণ্ডবোৰ ইটোৰ লগত সিটোক এনেদৰে সংলগ্ন; যাৰ পৰা এনে লাগে যেন সাগৰ আৰু সেই অংশৰ জলস্তৰক ফিটাৰে বান্ধি থোৱা আছে। আকৌ কোনো কোনো দ্বীপক দেখিলে এনে লাগে যেন বিশাল সমুদ্ৰৰ মাজত সেইবোৰ কিছুমান টুকুৰা-টুকুৰ স্থলভূমিহে।

এই বিশেষ আকাৰৰ কাৰণেই বাহামা দ্বীপপুঞ্জ ইমান বৈচিত্র্যপূৰ্ণ আৰু ৰঙীন। সম্মুখৰ পৰা দেখিলে যিমান ভাল লাগে, মহাকাশৰ পৰা বাহামাৰ সৌন্দৰ্য আৰু বেছিকৈ ফুটি উঠে।

Exit mobile version