গঁড়ৰ আক্ৰমণৰ পৰা ৰক্ষা বিধায়ক ফণীধৰৰ

মানাহত বৃদ্ধি বাঘৰ সংখ্যা : আপ্লুত পর্যটক

IMG 20260112 125915

সুখবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্পত বৃদ্ধি পাবলৈ ধৰিছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা। উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধিয়ে দেশী-বিদেশী পর্যটকসকলক আপ্লুত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্র্য উপভোগ কৰিবলৈ অহা পৰ্যটকসকলৰ কেমেৰাত প্ৰতিদিনে বন্দী হৈছে ঢেঁকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ দৃশ্য।

আজিও উদ্যানখনত তিনিটাকৈ প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে দেশী বিদেশী পর্যটকৰ কে’বাটাও দল। উদ্যানখনৰ বাঁহবাৰী অঞ্চলত পর্যটকসকলে প্রত্যক্ষ কৰে বাঘকেইটাৰ বিচৰণ।

মুক্তভাৱে বিচৰণ কৰি থকা প্রকাণ্ড বাঘকেইটাক পর্যটকসকলে কেমেৰাতো বন্দী কৰে। প্ৰচণ্ড ঠাণ্ডাৰ মাজতে পর্যটকসকলক বাঘৰ মুক্ত বিচৰণৰ দৃশ্যই মুগ্ধ কৰিছে।

আনহাতে, কালি উদ্যানখনৰ প্ৰাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ যোৱা বিধায়ক ফণীধৰ তালুকদাৰ এটা প্রকাণ্ড গঁড়ৰ আক্ৰমণৰ পৰা কথমপিহে ৰক্ষা পৰে। বাঁহবাৰী বনাঞ্চলত এটা গঁড়ে বিধায়কজনৰ বাহনলৈ আকস্মিকভাৱে চোঁচা লয়। বাহনৰ চালকৰ তৎপৰতাতহে বিধায়কজনৰ তেওঁৰ স’তে থকা কে’বাজনো লোক গঁড়টোৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে।

গঁড়টোৱে খেদি অহা এই শিহৰণকাৰী দৃশ্য বিধায়ক তালুকদাৰৰ স’তে থকা এজন লোকে কেমেৰাত বন্দী কৰে। পাছত বিধায়কজনে এই ফটো নিজৰ ফে’চবুক পেজত আপলোড কৰে।

Exit mobile version