গাঁওবাসীৰ একাউন্টত সাত হেজাৰ কোটি

এছিয়াৰ সবাতোকৈ ধনী গাঁৱৰ ধনৰ উৎস কি?

Madhapur

সৰ্বসাধাৰণৰ মনত সততে ধাৰণা থাকে যে দৰিদ্ৰৰ বাবে গাঁও আৰু ধনীৰ বাবে চহৰ। যদিও এই ধাৰণাক ভুল প্রমাণিত কৰিছে এছিয়াৰ সবাতোকৈ ধনী গাঁওখনে। আমাৰ দেশতে আছে সেই স্বপ্নৰ গাঁও। সেই গাঁৱৰ ঘৰবোৰো দেখিলে ধাৰণা হ’ব যে সেয়া কোনো চহৰৰ আৱাসিক অঞ্চলহে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটতে অৱস্থিত সেই ‘সুজলা সুফলা শস্য শ্যামলা’ গাঁওখনৰ নাম হৈছে মাধাপুৰ। মনত ৰখা উচিত যে কেৱল মোদী বা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে জন্মস্থান নহয় গুজৰাট, দেশৰ দুই প্রধান ধনকুবেৰ উদ্যোগপতি মুকেশ আম্বানি আৰু গৌতম আদানিৰো ৰাজ্য। প্রত্যেক ভাৰতীয়ই জানে যে গুজৰাট হৈছে ‘বণিয়া’ বা ব্যৱসায়ীসকলৰ ৰাজ্য।

সেই গুজৰাটৰে কচ্ছত আছে মাধাপুৰ গাঁও, যিখন এতিয়া এছিয়াৰ সবাতোকৈ ধনী গাঁওৰূপে চিহ্নিত। আশ্চৰ্যৰ কথা যে মাধাপুৰৰ কোনো কোনো গাঁওবাসীৰ বেংক একাউণ্টত আছে সাত হেজাৰ টকা পর্যন্ত ফিক্সড্ ডিপ’জিট বা স্থায়ী আমানত, যিটো দেশৰ আন কোনো গাঁৱৰ বাসিন্দাৰ বাবে প্রায় অকল্পনীয়। স্বাভাৱিকতে প্রশ্ন উঠে যে কিদৰে ইমান সম্পদশালী হৈ উঠিল এই গাঁওখন?

মাধাপুৰত প্ৰধানকৈ পেটেল সম্প্ৰদায়ৰ মানুহে বাস কৰে। এই সম্প্রদায়টো ব্যৱসায়ীৰূপেও জনাজাত। গাঁওখনৰ জনসংখ্যা কমেও ৩২ হেজাৰ। ঘৰৰ সংখ্যাও প্রায় ২০ হেজাৰ। সততে গাঁৱত ইমান বেছি ঘৰ বা মানুহে বাস নকৰে। ইয়াৰ ভিতৰত প্রায় ১২শ পৰিয়াল থাকে বিদেশত। অধিকাংশই জীৱিকাৰ সন্ধানত সুদূৰ আফ্রিকা মহাদেশৰ বাসিন্দা হৈ আছে।

চৰকাৰী তথ্য অনুসৰি, গুজৰাটৰ এই গাঁওখনৰ সমৃদ্ধিৰ কাৰণ হৈছে বিদেশৰ পৰা অহা ধন। পৰিয়ালৰ প্ৰবাসী সদস্যসকলেই বিদেশৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা প্ৰেৰণ কৰে স্থানীয় বেংক আৰু ডাকঘৰসমূহলৈ।

সেই কাৰণেই ৩২ হেজাৰ গাঁওবাসীৰ ধনৰ চোৱাচিতা কৰিবলৈ মাধাপুৰ গাঁৱত নিজৰ শাখা খুলিছে ১৭টাকৈ ৰাষ্ট্ৰীয়কৃত তথা বেচৰকাৰী বেংকে। যিবোৰ বেংকৰ শাখা এতিয়াও গাঁওখনত নাই, তেওঁলোকেও মাধাপুৰত নিজৰ আশা খুলিবলৈ প্ৰৱল আগ্রহী।

এখন গাঁৱত শাখা খোলাৰ বাবে ইমানবোৰ বেংকে উদ্‌গ্ৰীৱ হৈ থকাটো সচৰাচৰ দেখা নাযায়। অথচ এছিয়াৰ সবাতোকৈ ধনী গাঁৱৰ সম্পদেই এই বেংকসমূহত মাধাপুৰলৈ টানি আনিছে।

মন কৰিবলগীয়া যে গুজৰাটৰ পৰা নিজৰ ভাগ্যৰ অন্বেষণত আফ্রিকাত ভৰি দিয়াৰ প্ৰৱণতা নতুন কথা নহয়, বৰঞ্চ ই শতিকাপ্রাচীন। ১৯ শতিকাতে স্বয়ং মোহনদাস কৰমচান্দ গান্ধী অর্থাৎ মহাত্মা গান্ধীয়েও প্ৰধানকৈ জীৱিকাৰ সন্ধানতে তেতিয়াৰ ব্ৰিটিছ আফ্রিকাত ভৰি দিছিল। তাৰ পাছতে তেওঁ ‘কৃষ্ণাংগ’ৰ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰিছিল।

সেয়া এক অন্য ইতিহাস। বহু লোকক একালত ব্রিটিছে খনিত কাম কৰাৰ বাবে আফ্রিকালৈ লৈ গৈছিল। পৰৱৰ্তী সময়ত ব্যবসায়িক মানসিকতাৰ বাবেও গুজৰাটৰ পৰা অনেক লোক আফ্রিকালৈ গৈছিল। মাধাপুৰ গাঁৱৰ প্ৰাক্তন প্রধান পাৰুলবেনে জনায় যে আফ্রিকাৰ নিৰ্মাণ উদ্যোগ প্রধানকৈ গুজৰাটীসকলৰে দখলত।

তদুপৰি গাঁওখনৰ বিভিন্ন পৰিয়ালৰ বহুতেই ব্রিটেইন, অস্ট্রেলিয়া, নিউ জিলেণ্ড, আমেৰিকা আদিতো থাকে। তাৰ পৰা উপার্জিত ধন তেওঁলোকে প্ৰেৰণ কৰে নিজৰ গাঁৱলৈ।

Exit mobile version