Donald Trump:✒️২০২৫ চনৰ ন’বেল শান্তি পুৰস্কাৰ বিজয়ী ভেনেজুয়েলাৰ বিৰোধী নেত্ৰী মাৰিয়া কোৰিনা মাচাডোৱে নিজৰ নোবেল শান্তি বঁটা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাতত স্বেচ্ছাই আগবঢ়োৱাৰ পাছতেই বিশ্বজুৰি আৰম্ভ হয় বিতৰ্ক ।
তথ্য অনুসৰি ট্ৰাম্পে সেই পুৰস্কাৰ গ্ৰহণ কৰিছে আৰু নিজৰ ওচৰতে ৰাখিবলৈ ইচ্ছুক প্ৰকাশ কৰিছে।
কিন্তু এটা উপাৰ্জিত ন’বেল বঁটা এনেদৰে আন কাৰোবাক দিব পাৰিনে? কোনোবাই যদি দিয়েই দিয়ে, তেন্তে নোবেল বিজয়ীজনৰ নামটোও সলনি হয়নে? মাচাডোৱে নিয়ম ভংগ কৰিলে নেকি?
২৪ ঘণ্টাৰ ভিতৰতে নৰৱেৰ নোবেল কমিটীয়ে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ ব্যাখ্যা কৰি এক বিবৃতি প্ৰকাশ কৰে।
এই সন্দৰ্ভত নৰৱেৰ নোবেল কমিটীয়ে স্পষ্ট কৰি কয় যে, পদক, ডিপ্লোমা বা অৰ্থমূল্য যিয়েই নহওক, নোবেল বিজয়ীৰ নাম কেতিয়াও সলনি নহয়। ইতিহাসত নোবেল শান্তি পুৰস্কাৰৰ প্ৰাপক হিচাপে মাচাডোৰ নামেই থাকিব।
ন’বেল কমিটীৰ মতে, বিজয়ীয়ে নিজৰ পদক, ডিপ্লোমা বা অৰ্থ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে— ৰাখিব পাৰে, দান কৰিব পাৰে বা বিক্ৰী কৰিব পাৰে। এই ক্ষেত্ৰত ন’বেল ফাউণ্ডেশ্যনৰ কোনো নিষেধাজ্ঞা নাই।
অৱশ্যে, ন’বেল পুৰস্কাৰৰ সন্মান আৰু স্বীকৃতি কেৱল নৰৱেৰ ন’বেল কমিটীয়ে মনোনীত কৰা ব্যক্তিৰেই থাকে।
উল্লেখযোগ্য যে, এইটো প্ৰথম ঘটনা নহয়। ২০২২ চনত নোবেল শান্তি পুৰস্কাৰ বিজয়ী দিমিত্ৰী মুৰাটভে নিজৰ পদক নিলাম কৰি ইউক্ৰেনীয় উদ্বাস্তু শিশুসকলৰ সহায়ৰ বাবে সেই ধন দান কৰিছিল।
