Kokrajhar Situation Update:
কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰত সোমবাৰে নিশা এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চৰম উত্তেজনাপূৰ্ণ পৰিস্থিতিত ক্ষুব্ধ ৰাইজৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হয়। আনহাতে আজি এই ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কাৰিগাঁৱত ৷ ৰাজপথত অৱস্থান কৰি প্ৰতিবাকাৰীয়ে আৰক্ষীলৈ ধাৰাষাৰ শিলগুটি নিক্ষেপ কৰে । শিলাবর্ষণত আহত এগৰাকী আৰক্ষী বিষয়াসহ এজন জোৱান। প্রতিবাদী জনতাক ক্ষান্ত কৰিবলৈ আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে ।
আনহাতে ঘটনাস্থলীত আইজিপি বিবেকৰাজ সিং সহ ৰেপিড’ একশ্যন ফৰ্ছ উপস্থিত হৈ ফ্লেগমাৰ্চ কৰিছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজ্যৰ গৃহ বিভাগে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জিলা খনত ম’বাইল ইণ্টাৰনেট সেৱা কর্তন কৰাৰ নিৰ্দেশনা জাৰি কৰে ৷ বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু এবছুয়ে সকলোকে শান্তি -শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাই ৷
ইপিনে কোকৰাঝাৰৰ ঘটনাৱলীক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই। চুইজাৰলেণ্ডৰ ডাভোছৰ পৰাই কোকৰাঝাৰৰ পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীয়ে ৷ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙৰে টেলিফোনযোগে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীয়ে ৷ ঘটনাস্থলীলৈ ৰেপিড এক্সন ফ’ৰ্চৰ দুটাকৈ কোম্পানী প্ৰেৰণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে সকলোকে শান্তি-শৃংখলা বৰ্তাই ৰখাৰ আহ্বান জনাই।




































