Diphu Incident:
পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফুৰ ডিছামাৰ ছালেম তিছ’ গাঁৱত শোকাৱহ ঘটনা ৷ নতুনকৈ কুঁৱা খান্দি থকা অৱস্থাত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ কুঁৱাত কাম কৰি থকা অৱস্থাত কৰুণ মৃত্যু তিনি শ্ৰমিকৰ। নিহত শ্রমিক কেইজন ক্ৰমে তিছং তেৰাং, হৰি তেৰন আৰু লংচুদাৰ তেৰাং ৷ কি কাৰণত মৃত্যু হ’ল এই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও স্থানীয় সূত্ৰ এটাই সদৰি কৰা মতে কুঁৱাৰ ভিতৰত অক্সিজেন অভাৱতে শোকাৱহ মৃত্যুক সাৱটি লয় শ্ৰমিক তিনি গৰাকীয়ে ৷
আনহাতে ঘটনাৰ পিছতে ঘটনাস্থলীত এছডিআৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ অহৰহ চেষ্টাৰ অন্তত উদ্ধাৰ কৰে মৃতদেহ কেইটা ৷ পিছত আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷




































