মাইক্ৰ’ফাইনেন্সৰ ঋণ! মুখ্যমন্ত্রীক বিশ্বাসত লৈ বহু পৰিয়ালত অশান্তি

images 5

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ মিথ্যাচাৰ উদঙাই ‘দৈনিক অগ্রদূত’ত প্রকাশিত বাতৰিয়ে ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। বিগত বিধানসভা নিৰ্বাচনত মহিলাৰ সকলো মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ’ব বুলি ঘোষণা কৰি ঋণৰ ধন বিচাৰি অহা বেংকৰ বিষয়া-কর্মচাৰীক খেদি পঠিয়াবলৈ আহ্বান জনাই মহিলাৰ ভোট আদায় কৰি গাদী দখল কৰা মুখ্যমন্ত্রী শৰ্মাৰ কথাত ভোল গৈ আজি পাঁচ বছৰে ঋণ পৰিশোধ নকৰা মহিলাসকলৰ আজি পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।

ভুক্তভোগী মহিলাসকললৈ প্রথমে সংশ্লিষ্ট জিলাৰ লোক আদালতৰ পৰা জাননী অহাৰ পাছত এইবাৰ ঋণৰ অনাদায় ধন বিচাৰি ঘৰলৈ আহিছে বেংকৰ বিষয়া-কৰ্মচাৰী। ইয়াৰ লগে লগে বহু পৰিয়ালৰ মানসিক চিন্তা বৃদ্ধি পোৱাৰ লগতে সৃষ্টি হৈছে অশান্তিৰো। আনকি মাইক্ৰ’ফাইনেন্সৰ ঋণক লৈ বহু ঘৰত পতি-পত্নীৰ মাজত সংঘাত হ’বলৈ আৰম্ভ হৈছে।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঋণৰ অনাদায় ধন বিচাৰি ঘৰলৈ আহিছে বিশেষকৈ বন্ধন বেংকৰ বিষয়া- কৰ্মচাৰী। তিতাবৰৰ এগৰাকী মহিলাই সদৰী কৰা অনুসৰি, বেংকৰ বিষয়া-কৰ্মচাৰী আহি তেওঁলোকক শীঘ্রে ঋণৰ অনাদায় পৰিশোধ কৰিবলৈ আহ্বান জনাইছে।

মহিলাগৰাকীয়ে এই ধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিব বুলি কোৱাত বেংকৰ বিষয়া-কর্মচাৰীয়ে স্পষ্ট কৰি দিছে যে চৰকাৰে এই ধন দিয়া নাই। চৰকাৰে ধন দিয়ক বা নিদিয়ক এই ঋণ পৰিশোধ কৰিবই লাগিবই। উল্লেখ্য যে অঞ্চলটোৰ বহু ঘৰলৈ বেংকৰ বিষয়া-কৰ্মচাৰী আহিছে বুলি তেওঁ উল্লেখ কৰি কে’বাটাও ঘৰত পতি-পত্নীৰ সংঘাত আৰম্ভহৈছে বুলি কয়।

মহিলাগৰাকীয়ে কয়, ‘তেওঁ কালি ঘৰত নাছিল; নহ’লে কাজিয়া হ’লহেঁতেন। বেংকৰ পৰা অহা মানুহ দুজনে তেওঁৰ ফোন নম্বৰটো লৈ গৈছে। মুখ্যমন্ত্ৰীয়ে দিম বুলি কোৱাৰ বাবেই দিয়া নহ’ল; এতিয়া ইমান টকা কেনেকৈ দিম চিন্তাই হৈছে।’

উল্লেখ্য যে ঋণৰ অনাদায় ধন বিচাৰি ঘৰে ঘৰে বেংকৰ বিষয়া-কৰ্মচাৰী যোৱাৰ পাছতে বহু পৰিয়ালৰ ঘৰত যে পতি-পত্নী নাইবা পৰিয়ালৰ সদস্যৰ মাজত সংঘাতৰ সৃষ্টি হ’ব সেয়া প্রায় স্পষ্ট।

ইফালে, এয়া বিজেপিৰ নিৰ্বাচনী জুমলা যে আছিল আজি স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰিছে চিপিআই (এম) ব ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাবে। প্রতিশ্রুতি দি ক্ষমতাৰ গাদী দখল কৰাৰ পাছত আজি পাঁচ বছৰে মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ নকৰি মুখ্যমন্ত্রী ড” শৰ্মাই ৰাজ্যৰ হেজাৰ হেজাৰ মহিলাক বিপদত পেলালে বুলি তালুকদাৰে মন্তব্য কৰি কয়, ‘কেৱল ৰাজনৈতিক লাভৰ বাবেই চমৎকাৰ সৃষ্টিত সদায় অভ্যস্ত ড° শৰ্মা আৰু তেওঁৰ মন্ত্রীসভা। বিগত নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্য আৰু বিজেপি মৰ্চাৰ মাজত ব্যৱধান মাত্র এক শতাংশতকৈও কম আছিল। নিৰ্বাচনৰ পূর্বেই দেখা গৈছিল যে বিজেপি মৰ্চা পৰাজিত হ’ব। শেষ মুহূর্তত তেওঁলোকে একধৰণৰ জুৱা খেলি মহিলাৰ সকলো মাইক্ৰ’ফাইনেন্সৰ ঋণ বেহাইৰ প্ৰতিশ্রুতি আগবঢ়াইছিল।’

নির্বাচন পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকে এই প্রতিশ্রুতি পালন কৰিবলৈ ইচ্ছাক নাছিল বুলি তালুকদাৰে মন্তব্য কৰি পুনৰ কয়, ‘যেতিয়া মহিলাৰ ব্যাপক প্রতিবাদ আৰম্ভ হ’ল তেতিয়া তেওঁলোকে ক’লে যে মহিলাসকলক ঋণ ৰেহাই দিয়া হ’ব। ইয়াৰ পাছতে মহিলাসকলক কে’বাটাও ভাগত বিভক্ত কৰিলে আৰু ইয়াৰে কিছু সংখ্যক ধন দিলে; কিন্তু মূৰকত দেখা গ’ল যে তেওঁলোকে যিধৰণে প্রতিশ্রুতি দিছিল, সেয়া পালন কৰা নাই। কাৰণ ই এটা নির্বাচনী জুমলাই আছিল তেওঁলোকৰ।’

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনটো বিজেপিৰ এনেধৰণৰ প্রতিশ্রুতি দেখিবলৈ পাব আৰু পুনৰ মানুহক মিছা কথা কৈ, প্রলোভিত কৰি ভোট লোৱাৰ চেষ্টা চলাব বুলি তালুকদাৰে মন্তব্য কৰি এই ক্ষেত্রত ৰাইজক সজাগ-সচেতন হ’বলৈ আহ্বান জনায়। লগতে তেওঁ প্রতিশ্রুতি অনুসৰি সকলো মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণৰ সমস্যা শীঘ্রে সমাধান কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়।

Exit mobile version