New toll plaza in Guwahati:
পুনৰ ৰামটাঙোন ৰাইজৰ ওপৰত ৷ গুৱাহাটী মহানগৰীত স্থাপন হ’ব টোলগে’ট ৷ মহানগৰীৰ এখন নৱনির্মিত দলঙৰ ওপৰত স্থাপন কৰা হ’ব টোলগে’ট ৷ দলং খনৰ ওপৰেৰে অহা- যোৱা কৰা প্ৰতি খন বাহন ভৰিব লাগিব টোলটেক্স। ১৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিবলগীয়া গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙ খনত টোল প্লাজা স্থাপনৰ বাবে প্ৰস্তুতি চলাইছে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে ৷ ইতিমধ্যে টোল প্লাজা স্থাপনৰ বাবে নিবিদা আহ্বান কৰিছে।
ADVERTISEMENT




































