‘ডন ৩’ ছবিৰ কথা বিগত বর্ষতে ঘোষণা কৰা হৈছিল। ‘ডন’ ফ্রেঞ্চাইজিৰ তৃতীয়খন ছবিক কেন্দ্ৰ কৰি বিভিন্ন চর্চাও হৈছে। ফ্রেঞ্চাইজিৰ প্ৰথম দুখন ছবিত অভিনয় কৰিছিল শ্বাহৰুখ খানে। যদিও তৃতীয়খন ছবিত কিংখানৰ পৰিৱৰ্তে ৰণবীৰ সিঙে অভিনয় কৰাৰ কথা আছিল।
প্রাপ্ত চর্চা অনুসৰি, ৰণবীৰে হেনো ইতিমধ্যে ছবিখনৰ পৰা আঁতৰি গৈছে। ইয়াৰ পাছতে চর্চা হৈছে যে পুনৰ শ্বাহৰুখেই ছবিখনত অভিনয় কৰিব পাবে। বাদশাহেও হেনো সম্মতি দিছে; কিন্তু তেওঁৰ এটা চর্তও মানি ল’ব লাগিব।
বলিউদৰ ভিতৰচ’ৰাত চৰ্চা হৈছে যে এই ছবিত এজন দক্ষিণী পৰিচালকক লোৱাৰ দাবী কৰিছে শ্বাহৰুখে। ঘনিষ্ঠ সূত্রই দাবী কৰিছে যে শ্বাহৰুখে ‘ডন ৩’ৰ বাবে পৰিচালকৰূপে এটলীক বিচাৰিছে। তেওঁ হেনো নির্মাতাক জনাইছে যে কোনো দক্ষিণী পৰিচালক এই ছবিৰ স’তে যুক্ত হ’লে অন্য মাত্রা যোগ কৰিব।
ফ্রেঞ্চাইজিৰ প্ৰথম দুখন ছবিৰ পৰিচালক আছিল ফাৰহান আখতাৰ। অৱশ্যে তেওঁ এই বিষয়ত এতিয়ালৈকে একো মন্তব্য কৰা নাই।
উল্লেখ্য যে ‘ডন ৩’ত প্রথমে কিয়াৰা আদৱানীয়ে অভিনয় কৰাৰ কথা আছিল। যদিও শুনা গৈছে যে কিয়াৰাও হেনো ছবিখনৰ পৰা আঁতৰি গৈছে।
তেওঁৰ পৰিৱৰ্তে দেখা যাব পাৰে আন এগৰাকী ব্যস্ত নায়িকা কৃতী শ্বেননক। আনহাতে, ৰণবীৰে ছবিখন কিয় বাদ দিলে বুলিও প্রশ্ন উঠিছে। ঘনিষ্ঠ মহলত হেনো ৰণবীৰে জনাইছে যে ইখনৰ পাছত সিখনকৈ গেংষ্টাৰ ঘৰানাৰ ছবি তেওঁ কৰিবলৈ ইচ্ছা কৰা নাই। তাৰ লগতে এই মুহূৰ্তত যিহেতু ৰণবীৰৰ ছবি ‘ধুৰন্ধৰ’ বহুল প্রশংসিত হৈছে, সেয়ে তাৰ পাছত তেওঁ ‘ডন’ ফ্রেঞ্চাইজিৰ স’তে যুক্ত হ’ব বিচৰা নাই। অৱশ্যে এই বিষয়ত কোনেও এই পর্যন্ত আনুষ্ঠানিক ঘোষণা কৰা নাই।






























