হিমাচল প্ৰদেশত অব্যাহত আছে তীব্ৰ তুষাৰপাত। বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে যে ৰাজ্যৰ কিছুমান অঞ্চলত আগন্তুক সময়ত পৰিস্থিতি আৰু অধিক গুৰুতৰ হ’ব পাৰে। মঙলবাৰে ৰাজ্যৰ কেবাটাও স্থানত তুষাৰপাতৰ পৰিমাণ বৃদ্ধি পাব বুলি পূৰ্বাভাস দিয়া হৈছে।
ইয়াৰ উপৰিও ঘণ্টাত ৪০ৰ পৰা ৬০ কিলোমিটাৰ বেগে ধুমুহা বতাহ আৰু সামান্য বৰষুণৰো সম্ভাৱনা আছে। ফলত সামগ্ৰিকভাৱে পৰিস্থিতি অধিক সংকটজনক হৈ উঠাৰ আশংকা কৰা হৈছে।
ৰাজ্য প্ৰশাসন সূত্রে জানিব পৰা মতে, লাহুল-স্পিতি, কিন্নৌৰ আৰু কুল্লু জিলাৰ উঁচু অঞ্চলসমূহত সোমবাৰৰ নিশাৰ পৰা তুষাৰপাতৰ পৰিমাণ বৃদ্ধি পাইছে। এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। লগতে ৰাজ্যখনৰ পাহাৰীয়া পৰ্যটনস্থলসমূহত ভ্ৰমণলৈ যোৱা শ শ পৰ্যটক ৰাস্তাত আৱদ্ধ হৈ পৰিছে।
বতৰ বিভাগৰ তথ্য অনুসৰি, লাহুল-স্পিতিৰ গোঁদলাত ২২ ছেণ্টিমিটাৰ, কুকুমছেৰীত ২১ ছেণ্টিমিটাৰ, কুল্লু জিলাৰ কোঠিত ২০ ছেণ্টিমিটাৰ, কোকছাৰত ১৯ ছেণ্টিমিটাৰ, হংসাত ১৫ ছেণ্টিমিটাৰ আৰু কেলঙত ১২ ছেণ্টিমিটাৰ তুষাৰপাত ৰেকৰ্ড কৰা হৈছে।
চিমলা বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে যে ২৮ জানুৱাৰীৰ পৰা ৰাজ্যৰ উঁচু অঞ্চলসমূহত বতৰ অধিক অৱনতি ঘটিব পাৰে, যদিও এতিয়ালৈ কোনো আনুষ্ঠানিক সতর্কতা জাৰি কৰা হোৱা নাই।
আনহাতে, পশ্চিমী বিক্ষোভৰ প্ৰভাৱত ৩০ জানুৱাৰীৰ পৰা দুই ফেব্ৰুৱাৰীলৈ পুনৰ বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে।
ৰাজ্যৰ পূর্ত মন্ত্ৰী বিক্ৰমাদিত্য সিঙে জনাইছে যে তুষাৰপাতৰ বাবে বন্ধ হৈ পৰা পথসমূহ সোনকালে মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। স্নো ব্ল’ৱাৰ আৰু জেচিবি ব্যৱহাৰ কৰি বৰফ আঁতৰোৱাৰ কাম চলি আছে। ৰাস্তাত আৱদ্ধ হৈ পৰা পৰ্যটকসকলক উদ্ধাৰৰ ব্যৱস্থাও অব্যাহত ৰাখিছে প্ৰশাসনে।
ইফালে, চিমলা, চোলান, কাংড়া, মাণ্ডী, চিৰমৌৰ, বিলাছপুৰ, হামীৰপুৰ আৰু উনা জিলাত ধুমুহা বতাহৰ সতৰ্কতা জাৰি কৰা হৈছে। লগতে শৈত্যপ্ৰবাহ অব্যাহত থাকিব বুলি পূৰ্বাভাস দিয়া হৈছে।
আনহাতে, কুল্লু, কিন্নৌৰ, চম্বা আৰু লাহুল-স্পিতি জিলাত প্ৰবল তুষাৰপাত আৰু বৰষুণৰ সতৰ্কতাও জাৰি কৰা হৈছে।
