CEO:ৰাজ্য মুখ্য নিৰ্বাচনী বিষয়ালৈ কঠোৰ নিৰ্দেশনা দেশৰ নির্বাচন আয়োগৰ

কতব্যত গাফিলতি কৰা বি এল অ'ৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থাৰ লোৱাৰ ইংগিত

WhatsApp Image 2026 01 27 at 5.00.04 PM

CEO:

নিজৰ দায়িত্বৰ পৰিধি অতিক্ৰম কৰি কৰ্তব্যত অৱহেলা আৰু অশুদ্ধ পৰিচালনা ক্ষেত্রত ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়াৰ (বি এল অ’) বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়ালৈ (চি ই অ’)বিশেষ নিদের্শনা জাৰি কৰিছে।

মুখ্য নিৰ্বাচনী বিষয়া ‘সকললৈ প্ৰেৰণ কৰা পত্ৰত আয়োগে স্পষ্ট কৰি দিয়ে যে নিজৰ দায়িত্ব আৰু কর্তব্যৰ পৰিধি অতিক্ৰম ,অৱহেলা বা ইচ্ছাকৃত ভাবে আয়োগৰ নির্দেশাৱলী পালন নকৰা বি এল অ বিৰুদ্ধে নিলম্বনকে ধৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব ৷ এই পদক্ষেপ জনপ্রতিনিধি আইন, ১৯৫০ আৰু ভোটদাতা পঞ্জীয়ন নিয়ম, ১৯৬০-ৰ অধীনত লোৱা হ’ব ৷

চিইঅ’ সকললৈ পঠিওৱা পত্ৰ খনত এই কথাও কোৱা হয় যে বি এল অ’ৰ দায়িত্বস্খলন বা অসম্পূর্ণ কর্মই ভোটাৰ তালিকাৰ সঠিকতা, শুদ্ধতা বা বিশ্বাসযোগ্যতাত প্রভাৱ পেলায়। এনেক্ষেত্ৰত চৰকাৰী কৰ্তব্য সুচাৰুৰূপে কৰা সমস্ত বিষয়টো নিৰ্বাচন আয়োগে কঠোৰভাৱে নিৰীক্ষণ কৰিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ বিপৰীতে কৰ্ম কৰা বিএলঅ’ৰ বিৰুদ্ধে এফআইআৰ পৰ্যন্ত দিয়া হ’ব পাৰে ৷ এনে দিশবোৰ কঠোৰভাৱে নিৰীক্ষণ কৰিব চিইঅ’ৱে।

Exit mobile version