Saudo Asom Garia Maria Desi Jatiya Parishad:
সমাগত অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমত শেহতীয়াভাৱে ভাৰতৰ নিৰ্বাচনী আয়োগৰ তত্বাৱধানত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ এছ আৰৰ কাম আৰম্ভ কৰাৰ পিছত ৰাজ্যৰ বিজেপি চৰকাৰে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ব্যৱস্থাটোক নিজৰ নিকৃষ্ট ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে।
আজি পৰিষদৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকৰ স্থিতি স্পষ্ট কৰি কয় যে এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত দেশৰ কোনো ৰাজ্যৰ ভোটাৰ তালিকা পুনৰীক্ষণ কৰাটো নিৰ্বাচনী আয়োগৰ এক স্বাভাৱিক নিয়ম। সেই অনুসাৰে সমাগত অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ বা চমুকৈ এছ আৰ কৰা ব্যৱস্থাক সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে আদৰণি জনাইছে আৰু এই ক্ষেত্ৰত পৰিষদৰ কোনো অভিযোগ নাই।
কিন্তু পৰিতাপৰ বিষয় যে ৰাজ্যৰ বিজেপি দলৰ নেতৃত্বাধীন চৰকাৰখনে এছ আৰৰ দৰে সাংবিধানিক প্ৰক্ৰিয়া এটাক অতি ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিক মুনাফা লাভৰ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে। ৰাজ্যত এছ আৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত শাসকীয় বিজেপি দলৰ কৰ্মীয়ে অসমৰ বিভিন্ন প্ৰান্তত ভুৱা অভিযোগকাৰীৰ দ্বাৰা বহু ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ অভিযোগ দাখিল কৰাটো আমাৰ পৰিলক্ষিত হৈছে। আনকি বেলেগৰ নাম ব্যৱহাৰ কৰি আৰু চহী জাল কৰি অভিযোগকাৰী সজাই তেনেলোকৰ নামত নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰি ভোটাৰ তালিকাৰ পৰা বিশেষকৈ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী আদি লোকৰ নাম কৰ্তনৰ আবেদন দাখিল কৰিছে।
এছ আৰৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘূ লোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ লক্ষ্যৰে অভিযোগ দাখিলৰ ফলত বহু খিলঞ্জীয়া গৰীয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ লোক সম্প্ৰতি ভুক্তভোগী হব লগা হৈছে। ধৰ্মীয় সংখ্যালঘু হলেও গৰীয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ লোক সকল অসমৰ খিলঞ্জীয়া আৰু ভাৰতৰ প্ৰকৃত নাগৰিক। গতিকে এছ আৰৰ জৰিয়তে ভাৰতৰ প্ৰকৃত নাগৰিক সকলক ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰা কোনো কাৰণতে গ্ৰহণযোগ্য হব নোৱাৰে। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ মূল উদ্দেশ্য হল মৃত ভোটাৰ, স্থানান্তৰিত ভোটাৰ, একাধিক ভোটাৰ তালিকাত নাম থকা ভোটাৰ, সন্দেহজনক ভোটাৰ আদিৰ নাম পুনৰীক্ষণ কৰা। কিন্তু বিজেপি চৰকাৰে সমগ্ৰ ব্যৱস্থাটো বিজেপি বিৰোধী বুলি পৰিচিত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ বাবে অভিসন্ধিমূলকভাৱে ব্যৱহাৰ কৰিছে।
এয়া দেশৰ বিধি বিধান আৰু নিৰ্বাচনী আয়োগৰ নিয়মৰ পৰিপন্থী। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰি কৈছে যে অসমৰ খিলঞ্জীয়া মুছলমানক কোনো জাননী দিয়া হোৱা নাই, কিন্তু প্ৰকৃততে সেয়া চৰম মিথ্যাচাৰহে। খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় মানুহৰ ভোট কৰ্তনৰ অলেখ উদাহৰণ ইতিমধ্যে চৰ্চিত হৈছে। পৰিষদে এনে কাৰ্য্যৰ তীব্ৰতৰ বিৰোধ কৰাৰ লগতে এনে দুষ্কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে। ইফালে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকে কয় যে অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ব্যৱস্থাটো বিজেপি দল বা ৰাজ্য চৰকাৰৰ হস্তক্ষেপ নোহোৱাকৈ প্ৰত্যক্ষভাৱে নিৰ্বাচনী আয়োগৰ তত্ত্বাবধানত সমাপন কৰা আহ্বান জনাইছে।




































