Inauguration of NCLT Guwahati Campus:
ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ (এন চি এল টি) গুৱাহাটী বিচাৰপীঠৰ চৌহদ আৰু বাৰ কোঠা উদ্বোধন কৰে এন চি এল টিৰ সভাপতি তথা মূখ্য ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰামালিংগম সুধাকৰে। বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত ‘শুভম কুৰুত্বম কল্যাণম’ সংস্কৃত বন্দনাৰে এন চি এল টি বিষয়ব্বীয়াসকলে মংগল আৰু সমৃদ্ধিৰ কামনা কৰে। ইয়াৰ পাছতে সভাপতিগৰাকীয়ে স্মৃতি ফলক আৰু চৌহদটো উদ্বোধন কৰে। লগতে নতুনকৈ প্রতিষ্ঠা হোৱা বাৰ ৰুম উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছতে সভাপতি গৰাকীয়ে বাৰৰ সদস্যসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰে। এই মত বিনিময় অনুষ্ঠানত উত্তৰ-পূবৰ কৰ্পৰেট আইন আন্তঃগাঁথনিৰ উন্নয়ন আৰু আইনী পেছাদাৰীসকলৰ বাবে সুসজ্জিত সুবিধাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়। গুৱাহাটী এন চি এল টিৰ ন্যায়িক সদস্য ৰামমূর্তি কুশৱাহাই সভাপতি গৰাকীক পবিত্র কামাখ্যা মন্দিৰৰ প্ৰতিৰূপ আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যক চিত্রিত কৰা এশিঙীয়া গঁড়, ঢোল আৰু ম’হৰ শিঙৰ পেঁপাৰ প্ৰতিকৃতিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।




































