Dhing:
ধিঙৰ বেতকাটি গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ অন্ত পৰিল। গাঁও খনৰ কৰ্মকাণ্ডি পন্থাৰ লোক সকলৰ কিছু ধৰ্মীয় কামকাজ সমাপনৰ বাবে এটা ঘাটৰ অভাৱে ৰাইজক জুৰুলা কৰিছিল। কিন্তু গাঁও খনৰ সুসন্তান বিশিষ্ট শিক্ষাবিদ-গৱেষক ড:জোনাৰাম নাথে নিজৰ সাঁচতীয়া ধনৰে বেতকাটীIn শিৱমন্দিৰৰ পুখুৰীত নিৰ্মাণ কৰাই দিলে এটা আটকধুনীয়া ঘাট।
সুমংগল ঘাট নামৰ এই ঘাটটোৰ নিৰ্মাণত তেখেতে ব্যয় কৰিছে প্ৰায় পাঁচ লাখ টকা। এই সুমংগল ঘাটটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰী শ্ৰী আলি পুখুৰী (পাটেকীবড়ী)সত্ৰৰ সত্ৰাধিকাৰ বীৰেণ মহন্তই। খোল -তাল দেৱবাদ্যৰ শব্দ,আয়তীৰ মাংগলিক উৰুলীৰ মাজেৰে আজি পুৱা দহ বজাত সুমংগল ঘাটটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সত্ৰাধিকাৰ মহন্তই। ইয়াৰ পাছতে ঘাটত বৃক্ষ ৰোপন কৰে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসে।
সুমংগল ঘাট উদ্বোধন উপলক্ষে এখন সভাও অনুষ্ঠিত হয়। সমাজকৰ্মী ৰুদ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত বিশিষ্ট অতিথি হিচাপে শ্ৰী শ্ৰী আলি পুখুৰী (পাটেকীবড়ী) সত্ৰৰ সত্ৰাধিকাৰ বীৰেণ মহন্ত,লেখক -জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাস উপস্থিত থাকে । সভাত ভাষণ দি সত্ৰাধিকাৰ বীৰেণ মহন্তই কয় যে,ৰাইজৰ কাম সকলোৱে কৰিব নোৱাৰে।এটা ভাল মনৰ মানুহেহে ৰাইজৰ কাম কৰিব পাৰে। ড: জোনাৰাম নাথে নিজৰ জন্মস্থানৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই গাঁথিৰ ধন খৰচ কৰি ৰাইজৰ সুবিধাৰ্থে এটা আটকধুনীয়া ঘাট নিৰ্মাণ কৰাই দিছে।
আনহাতে,লেখক -জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসে নিজৰ ভাষণত কয়,”অৰ্থদান আৰু জ্ঞান দান মহান কৰ্ম।এই কাজ কৰাৰ সৌভাগ্য সকলোৰে নাথাকে। কিন্তু সেই পৰম সৌভাগ্য অৰ্জন কৰিছে বিশিষ্ট শিক্ষাবিদ গৱেষক ড:জোনাৰাম নাথে। তেওঁ সৎ পথৰে অৰ্জন কৰা ধনৰে ৰাইজৰ সেৱাৰ্থে কিছু কাম কৰাৰ লগতে শিক্ষা দানেৰে জীৱন আলোকিত কৰি তুলিছে হেজাৰ হেজাৰ শিক্ষাৰ্থীৰ জীৱন।”
দাসে লগতে আৰু কয়,”ৰাইজে নিচেই সাধাৰণ যেন ভবা ড:নাথ এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী। এগৰাকী কলেজ শিক্ষক হিচাপে, শিক্ষাবিদ,গৱেষক-লেখক হিচাপে তেওঁ ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁ কোনো স্বাৰ্থ নথকাকৈয়ে ৰাইজৰ সেৱাত ব্ৰতী হৈছে।”
সভাত সুমংগল ঘাটৰ দাতা ড:জোনাৰাম নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক গজেন নাথ,ৰঞ্জিত বৰা,দীপক নাথ,পংকজ বৰদলৈ প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে।সভাত স্থানীয় ৰাইজ, বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানে ড:জোনাৰাম নাথ আৰু তেওঁৰ পত্নী অঞ্জু নাথক সম্বৰ্ধনা জনায়।






























